ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল তেলভৰ্তি টেংকাৰ, কুৰিখনতকৈও অধিক দোকান ভস্মীভূত…

চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিচিবৰগাঁওত শনিবাৰে সংঘটিত হ’ল এক ভয়ংকৰ অগ্নিকাণ্ড।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিচি চাৰি আলিত নিয়ন্ত্ৰণ হেৰুৱাই লাইট পষ্টত খুন্দাখাই বাগৰি পৰিল তেলৰ ট্ৰেংকাৰ।

ট্ৰেংকাৰ খনৰ নম্বৰ হ’ল এ এছ ০১ বি চি/১৭৮৮।

জুই ইমানেই ভয়ানক আছিল যে নিমিষতে বিয়পি গৈ ভস্মীভূত কৰে কুৰিখনতকৈও অধিক দোকান।

যাৰ ফলত বন্ধ হৈ পৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো।

আনহাতে টেংকাৰখনৰ চালক আৰু হেণ্ডিমেন দুজন জীৱন্তে অগ্নিদগ্ধ হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

গাড়ীখন বাগৰি পৰাৰ লগে লগে প্ৰচণ্ড জুই নিৰ্গত হোৱাত তেওঁলোকে গাড়ীৰ পৰা বাহিৰ হ’ব নোৱাৰিলে বুলি ৰাইজে সন্দেহ কৰিছে।

Leave a Comment