ASSAM

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকঃ চাকৰিৰ ক্ষেত্ৰত প্ৰয়োজন নহ’ব পুলিচ ভেৰিফিকেচন…

বৃহস্পতিবাৰে জনতাভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক।

এই কেবিনেট বৈঠকৰ পিছতে সংবাদমেল সম্বোধন স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ।

মাজুলীৰ ঘটনাৰ বাবে কেবিনেটৰ আৰম্ভণিতে কৰা হয় ১ মিনিট মৌন প্রাৰ্থনা।

অতিৰিক্ত মুখ্য সচিব মনিন্দ্র সিঙক দিয়া হৈছে মাজুলী ঘটনাৰ তদন্তৰ দায়িত্ব।

ঘটনাৰ তদন্তৰ প্ৰতিবেদন এমাহৰ ভিতৰত দাখিল কৰিব লাগিব।

মাজুলীৰ ঘটনাৰ বাবে আৰক্ষীকো ফৌজদাৰী গোচৰ তৰাৰ নিৰ্দেশ কেবিনেটৰ।

মাজুলী সংযোগী দলং নিৰ্মাণ সম্পৰ্কে পৰ্যবেক্ষণ কৰিবলৈ বিত্তমন্ত্রী অজন্তা নেওগক দায়িত্ব প্ৰদান।

ডি এন এল এয়ে ৬ মাহৰ বাবে ঘোষণা কৰা যুদ্ধ বিৰতি সন্দৰ্ভতো কেবিনেটত সিদ্ধান্ত গ্ৰহণ।

এই সময়ছোৱাত তেওঁলোকৰ বিৰুদ্ধে কোনোধৰণৰ অভিযান নচলোৱাৰ সিদ্ধান্ত

সংগঠনটোৱে এই সময়চোৱাত অস্ত্র-শস্ত্র লৈ ঘূৰা আৰু ধন দাবী আদি কাৰ্যত লিপ্ত হ’ব নোৱাৰিব।

চৰকাৰী চাকৰি সন্দৰ্ভতো লোৱা হৈছে সিদ্ধান্ত।

এতিয়াৰে পৰা চৰকাৰী চাকৰি মকৰলৰ ক্ষেত্রত পুলিচ ভেৰিফিকেছনৰ প্রয়োজন নহ’ব।

প্রাৰ্থীয়ে ছেল্ফ ডিকলাৰেচন দিব লাগিব।

কোনো প্রাৰ্থীয়ে ভুল তথ্য দিলে তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা লোৱা হ’ব।

আধাৰ কাৰ্ডৰ জৰিয়তে নিয়োগ বিনিময় কেন্দ্রত পঞ্জীয়ন কৰিব পাৰিব।

চৰকাৰী চাকৰিত বিশেষভাৱে সক্ষম সকলৰ বাবে পূৰ্বৰ ৩ শতাংশৰ পৰিৱৰ্তে ৪ শতাংশ আসন সংৰক্ষণ থাকিব।

এতিয়াৰে পৰা দূৰ শিক্ষাৰ ডিগ্রী, ডিপ্ল’মা আদি নিয়মীয়াৰ সৈতে একেই গণ্য কৰা হ’ব।

গুৱাহাটী বিশ্ববিদ্যালয় আৰু আইড’ল আদিৰ ডিগ্রী, ডিপ্ল’মা একেই বিবেচনা কৰা হ’ব।

আধাৰ নথকা সকলে ১ এপ্ৰিলৰ ভিতৰত ৰেজিষ্টাৰ কৰিব পাৰিব৷

এতিয়াৰে পৰা কনষ্ট্ৰাকশ্বনৰ কাম কৰিলে বন বিভাগক পূৰ্বে ৰয়েলিটি দিয়াৰ পৰিৱৰ্তে চৰকাৰী কামৰ ক্ষেত্ৰত ঠিকাদাৰৰ বিল পোৱাৰ সময়ত ৰয়েল্টিৰ শতাংশ কাটি ৰখা হ’ব।

উন্নয়নমূলক কামৰ স্থবিৰতা দূৰ কৰিবৰ বাবে কেবিনেটৰ এই সিদ্ধান্ত৷

ব্যক্তিগত খণ্ডৰ বাবে চাৰিটা সমান installmentত ৰয়েলিটি ট্ৰেজাৰিত জমা দিব লাগিব৷

ৰাজ্যত ব্যাপক হাৰত কোৰোনা ভেকচিন দিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান।

এই ক্ষেত্ৰত অভিভাৱক মন্ত্ৰীয়ে পদক্ষেপ লব লাগিব৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button