ৰাজ্যিক কেবিনেট বৈঠকঃ ২০২২ চনত থাকিব ৩৪ দিন চৰকাৰী বন্ধ…

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

বৈঠকৰ অন্তত ৰাজ্যিক কেবিনেটত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ সংবাদমেলযোগে সদৰি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত্ই।

সিদ্ধান্ত সমূহ হৈছে—

মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ বাবে চলিত বৰ্ষত ৪০০ কোটি টকা অনুমোদন।

প্ৰধানমন্ত্ৰী পদপথ ব্যৱসায়ী আত্মনিৰ্ভৰ আঁচনিৰ অধীনত ঋণৰ ক্ষেত্ৰত পদপথ ব্যৱসায়ীসকলক ষ্টাম্প ডিউটী ৰেহাইৰ সিদ্ধান্ত।

ৰাজ্য চৰকাৰে নিজে বহন কৰিব এই ষ্টাম্প ডিউটী। ইয়াৰ দ্বাৰা ৰাজ্যৰ ৫২০০০ পদপথ ব্যৱসায়ীয়ে সকাহ পাব।

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ ক্ষেত্ৰত ৰাজ্যিক জিএছটি ৰেহাই দিয়াৰ সিদ্ধান্ত। পাছত ৰি-ইম্বাৰ্ছমেণ্টৰ জৰিয়তে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব।

২০২২ চনৰ কেলেণ্ডাৰত চৰকাৰী বন্ধৰ দিন নিৰ্ধাৰণ কৰা হয়। ২০২২ চনত থাকিব ৩৪ দিন চৰকাৰী বন্ধ।

বৰাক উপত্যকাৰ বাবে বন বিভাগৰ এটা বন্যপ্ৰাণী মণ্ডল গঠনত অনুমোদন।

এতিয়াৰে পৰা সকলো চৰকাৰী নথিত ইংৰাজী গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ তাৰিখৰ লগতে অসমীয়া কেলেণ্ডাৰৰ তাৰিখো উল্লেখ কৰিবলৈ সিদ্ধান্ত লোৱা হয়।

সহযোগী ৰাজ্যিক ভাষা বঙালী আৰু বড়ো ভাষাৰ কেলেণ্ডাৰৰ তাৰিখ অসমীয়া কেলেণ্ডাৰৰ সৈতে একে। গতিকে বৰাক আৰু বিটিআৰ এলেকাত এই দুই সহযোগী ভাষাত তাৰিখ লিখিব পাৰিব।

অসমত মহাকাশ বিজ্ঞানৰ বহুল প্ৰয়োগৰ বাবে আজি কেবিনেটে অসম ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰ (Assam State Space Application Centre) গঠন কৰে। ইয়াৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে ড০ পি এল এন ৰাজুক। তেওঁ অলপতে শ্বিলংস্থিত ভাৰত চৰকাৰৰ উত্তৰ পূৱ মহাকাশ প্ৰায়োগিক কেন্দ্ৰ (NESAC)ৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছে।

নৱগঠিত ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰৰ সৈতে সদ্যহতে ৰাজ্য চৰকাৰৰ ২২টা বিভাগে সম্বন্বিত ভাৱে ৰাজ্যত মহাকাশ প্ৰযুক্তিৰ বহুল প্ৰয়োগত মনোনিবেশ কৰিব।

এই নতুন স্বতন্ত্ৰ ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰ গঠনৰ লগে লগে অসম ৰাজ্যিক বিজ্ঞান, প্ৰযুক্তি বিদ্যা আৰু পৰিৱেশ পৰিষদৰ অধীনৰ পূৰ্বৰ ৰাজ্যিক ৰিমোট চেনচিং এপ্লিকেচন চেণ্টাৰক বিলুপ্ত কৰা হয়।

Leave a Comment