ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তঃ বৃদ্ধি পাব ক্ৰীড়া পেঞ্চন, ৮০৪ টা নতুন কাৰিকৰী পদ সৃষ্টিৰ সিদ্ধান্ত…

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কেবিনেত লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক।

বৈঠকৰ অন্তত মন্ত্ৰী কেশৱ মহন্ত, ৰঞ্জিৎ দাস, ৰণোজ পেগুৱে সম্বোধন কৰে সংবাদমেল।

আজিৰ কেবিনেট বৈঠকত ৰাজ্যৰ শিক্ষিত নিবনুৱাৰ বাবে আকৌ ভাল খবৰ আনিছে ৰাজ্য চৰকাৰে।

ধেমাজীৰ মৰিধলৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুত শোক প্ৰকাশ ৰাজ্যিক কেবিনেটৰ।

নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ বিচাৰ ফাষ্ট ট্ৰেক আদালতত কৰাৰ সিদ্ধান্ত গ্ৰহণ।

ঘটনাৰ তদন্তৰ বাবে বিশেষ আৰক্ষী সঞ্চালক জি পি সিঙক দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ।

শিক্ষাখণ্ডৰে জড়িত সকলো শিক্ষক-কৰ্মচাৰী, ১৮ বছৰৰ উৰ্দ্ধৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ভেকচিন প্ৰদান শিবিৰ ২৭ আগষ্টৰ পৰা ৫ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হ’ব। শিক্ষানুষ্ঠানত হ’ব ভেকচিনৰ বিশেষ শিবিৰ।

১ ছেপ্তেম্বৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষ, মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পাঠদান আৰম্ভ হ’ব।

হোষ্টেলসমূহো খোলাৰ ব্যৱস্থা কৰিব, কিন্তু হোষ্টেলৰ আৱাসীসকলে দুটা ভেকচিন গ্ৰহণ কৰাটো বাধ্যতামূলক।।

৩০ বা ৩১ আগষ্টত শিক্ষা বিভাগে ঘোষণা কৰিব বিশেষ SOP।

ইপিনে সংবাদ মেলত গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসে মাজুলী, বজালী, দক্ষিণ শালমৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৩টা নতুন সংমণ্ডল খোলাৰ সিদ্ধান্ত গ্ৰহণৰ বিষয়ে উল্লেখ কৰিছে।

আনহাতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্তেম্বৰৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণৰ বিষয়ে অৱগত কৰিছে।

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ ৩ ছেপ্তেম্বৰৰ জন্মদিনটো ক্ৰীড়া দিৱস হিচাপে পালন কৰিব, ক্ৰীড়া পেঞ্চন ৮ হাজাৰৰ পৰা ১০ হাজাৰলৈ বৃদ্ধি।

ৰাষ্ট্ৰীয় খেল, এচিয়ান গেমচ, কমনৱেল্থ গেমচ, অলিম্পিয়ানসকললৈ প্ৰতিমাহে ১০ হাজাৰকৈ জীৱনজোৰা পেঞ্চন।

জিলা উপায়ুক্তসকলক জিলাৰ ভিতৰতে নিৰ্দিষ্ট বিভাগীয় মুৰব্বীৰে কথা পাতি বদলি কৰাৰ কৰ্তৃত্ব প্ৰদান, তৃতীয় শ্ৰেণী পৰ্যায়ৰ হ’ব এই ৰদ-বদল।

কেবিনেটত চাইঞ্চ এণ্ড টেকন’ল’জি বিভাগৰ নতুন নামাকৰণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 

এতিয়াৰ পৰা বিভাগটোৰ নাম হ’ব বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগ।

গড়কাপ্তানী বিভাগ বা লোক নিৰ্মাণ বিভাগৰ কামৰ দায়িত্ব বাঢ়ি অহাৰ বাবে চৰকাৰে কিছু সিদ্ধান্ত লৈছে।

পূৰ্বতে লোক নিৰ্মাণ বিভাগত আছিল মাত্ৰ ৫ট চাৰ্কোল।আৰু আঠটা নতুন চাৰ্কোল সৃষ্টি কৰা হৈছে।

সেইদৰে অতিৰিক্ত ভাবে নতুনকৈ ২০টা ডিভিজন সৃষ্টি কৰা হ’ব।

লোক নিৰ্মাণ বিভাগৰ চাৰ্কল অ’ফিচ ৫টাৰ পৰা ১৩টালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ।

ডিভিজন অ’ফিচ ১৭ৰ পৰা ৩৭টা লৈ বৃদ্ধি, চাব ডিভিজন অ’ফিচ ৪৯ৰ পৰা ৭৭টালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত।

বৰ্ধিত বিভাগসমূহৰ বাবে ৮০৪টা কাৰিকৰী নতুন পদ সৃষ্টিৰো সিদ্ধান্ত গ্ৰহণ।

বি টি এ ডিত হোৱা বান পৰিস্থিতি বুজ ল’বলৈ যোগেন মোহন আৰু ইউ জি ব্ৰহ্মক  যোৱাৰ নিৰ্দেশ কেবিনেটৰ।

Leave a Comment