অসম

ৰাজ্যত পুনৰ এনকাউণ্টাৰ, অসম আৰক্ষীৰ গুলীত নিহত দুজন দুৰ্ধৰ্ষ ডকাইত…

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।

এইবাৰ গোৱালপাৰা আৰক্ষীৰ গুলীত নিহত দুজন দুৰ্ধৰ্ষ ডকাইত।

গোৱালপাৰা চহৰৰ সমীপৱৰ্তী ১ নম্বৰ গোবিন্দপুৰত যোৱা নিশা ১১ মান বজাত সংঘটিত হৈছে এনকাউণ্টাৰ।

নিশা আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত হোৱা গুলিয়াগুলিত দুজন দুৰ্ধৰ্ষ ডকাইত নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে।

আৰক্ষী সূত্ৰে জনোৱা মতে কোনো দুস্কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্যে চাৰিজনীয়া ডকাইতৰ দল এটাই চুইফট গাড়ীৰে নিশা ১০ মান বজাত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা ৰংচাই হৈ আগিয়াৰ ফালে প্ৰবেশ কৰিছিল।

পিছত ৰংচাই আৰক্ষীয়ে গোপন সূত্ৰে সেই খবৰ লাভ কৰি গাড়ীখন অনুসৰণ কৰি ৰখাবলৈ চেষ্টা কৰে যদিও গাড়ীখন কৃষ্ণাই হৈ দুধনৈৰ ফালে গতি কৰে। দুধনৈ নাপাওতে আৰক্ষীৰ গাড়ীয়ে ডকাইতৰ গাড়ীখনক আগুচি ধৰাৰ চেষ্টা চলায় যদিও ডকাইতৰ দলটোৱে আৰক্ষীক লক্ষ্য কৰি গুলি চলনা কৰে।

পিছত ডকাইতৰ গাড়ীখনে দুধনৈৰ পৰা মাটীয়া হৈ মৰনৈৰ ফালে গতি কৰাত মৰনৈ আৰক্ষীয়ে বেৰিকেট দি গাড়ীখন ৰখাবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ বেৰিকেট ভাঙি গাড়ীখনে গোৱালপাৰা চহৰলৈ গতি কৰে। গোৱালপাৰা চহৰহৈ গাড়ীখন কাৰববালা পোৱাৰ পিছত আৰক্ষীয়ে গাড়ীখনক লক্ষ্য কৰি গুলি চলনা কৰে।

তথাপিও গাড়ীখন নাৰাখি ডকাইতৰ দলটোৱে তীব্ৰ বেগেৰে ১ নম্বৰ গোবিন্দপুৰৰ ফালে গতি কৰে। পিছে আৰক্ষীৰ গুলি গাড়ীৰ টায়াৰত লাগি গাড়ী অচল হৈ পৰাত ডকাইত কেইটা গাড়ীৰ পৰা নামি আৰক্ষীক লক্ষ্য কৰি গুলি চলনা কৰি পলাবলৈ চেষ্টা কৰ।

লগে লগে আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰাত ডকাইতৰ দলটোৰ তিনিজন গুলীবিদ্ধ হয়।

তিনিজনৰ দুজনৰ মৃত্যু হোৱাৰ বিপৰীতে এজনক গুলীবিদ্ধ অৱস্থাত আৰক্ষীয়ে আটক কৰে। এজনৰ মৃতদেহ ৰাতিপুৱা উদ্ধাৰ কৰে। আনহাতে আন্ধাৰৰ সুযোগ লৈ এজন ডকাইতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়।

আহত ডকাইতোক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button