ASSAM

ৰাজ্যত অব্যাহত ড্ৰাগছ দাহন অভিযানঃ বঙাইগাঁও আৰক্ষীয়ে জ্বলাই দিলে বৃহৎ পৰিমাণৰ ড্ৰাগছ

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ দাহন অভিযান।

এইবাৰ বঙাইগাঁৱত আৰক্ষীয়ে জ্বলাই দিলে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নিচাজাতীয় দ্ৰব্য।

সোমবাৰে বিয়লি প্ৰায় চাৰি বজাত বিভাগীয় নীতি–নিয়মৰ মাজৰে ড্ৰাগছসমূহ বিনষ্ট কৰা হয়৷

ধ্বংস কৰা ড্ৰাগছখিনিৰ ভিতৰত আছে ২৯,৬৭,০০০ টকা বজাৰ মূল্যৰ ১৪৮৩.৯১৬ কেজি গাঞ্জা , ৩,০২,১৯০ টকা বজাৰ মূল্যৰ ২০,১৪৬ টা নিচাজাতীয় কেপচুল, ১,২৪,৬৫০ টকা বজাৰ মূল্যৰ ৮,৩১০ টা  নিচাজাতীয় টেবলেট ,১৫,০০০ টকাৰ ১৫০ টা ক’ফ চিৰাপ ,৩,৯২,১০৫ টকা বজাৰ মূল্যৰ ৫৬.০১৫ গ্ৰাম হে’ৰইন আৰু ৪৩,৯৫,১৫৫ টকা বজাৰ মূল্যৰ ১১২.৮০৯ কেজি অন্যান্য নিচাজাতীয় টেবলেট।

মুঠ ৮১,৯৬,১০০ টকা মূল্যৰ নিচাজাতীয় দ্ৰব্য জ্বলাই দি বিনষ্ট কৰে।

জিলাখনৰ অন্তৰ্গত বিভিন্ন থানাৰ আৰক্ষীয়ে জব্দ কৰা আৰু আদালৰ মালখানাত মজুত থকা এই নিচাজাতীয় দ্ৰব্যসমূহ আদালৰ নিৰ্দেশ মৰ্মে বঙাইগাঁও চহৰৰ নিকটৱৰ্তী মাজগাঁৱৰ অসামৰিক চিকিৎসালয়ৰ ওচৰত জ্বলাই দি বিনষ্ট কৰে।

ইপিনে এই নিচাজাতীয় দ্ৰব্যসমূহ বিনষ্ট কৰি পশ্চিম অসম সংমণ্ডলৰ আৰক্ষী উপ মহা পৰিদৰ্শক দীলিপ কুমাৰ দেই সংবাদ মাধ্যমৰ আগত কয় যে বৰ্তমান চৰকাৰখনৰ লগতে বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনেও ড্ৰাগছ তথা অন্যান্য অবৈধ নিচাজাতীয় সামগ্ৰীৰ বেহাৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে। জিলাখনত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত বহুখিনি ড্ৰাগছ জব্দ কৰা হৈছে৷

উক্ত কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ নৱনীল ডেকা, উপ আৰক্ষী অধীক্ষক লুণা সোণোৱাল, কাৰ্যবাহী দণ্ডাধীশ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button