অসম

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা‌, গৰুভৰ্তি ট্ৰাকসহ ৫ সৰবৰাহকাৰীক আটক…

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা‌।

আৰক্ষীৰ অভিযানত গৰু ভৰ্তি ট্ৰাকসহ ৫ সৰবৰাহকাৰী আটক।

বুধবাৰে নিশা ৰহা আৰক্ষীয়ে অভিযান চলাই ৰহা টোলগেটৰ সমীপৰ পৰা এখন চোৰাং গৰুভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

লগতে আটক কৰে পাঁচটাকৈ চোৰাং গৰু সৰবৰাহকাৰীক।

ধৃত সৰবৰাহকাৰীকেইটা হৈছে আজমত আলী, মুকছিকুল ৰহমান, গুলজাৰ হুছেইন, ছফিকুল ইছলাম আৰু আমিনুল হুছেইন।

জানিব পৰা মতে চোৰাং গৰু সৰবৰাহকাৰীকেইটাই নিশা ৰূপহীৰ পৰা AS 23AC 0978 নম্বৰৰ ট্ৰাকখনেৰে কেইবাটাও চোৰাং গৰু আনি আছিল।

পিছত ৰহা আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৰহা টোলগেটৰ সমীপৰ পৰা চোৰাং গৰুভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়।

লগতে ট্ৰাকখনৰ পিছে পিছে এখন ছুইফট ডিজায়াৰ গাড়ীত আহি থকা গৰু সৰবৰাহকাৰী কেইটাকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button