ৰহস্যজনক! ৰে’ল লাইনত উদ্ধাৰ টুটুমণিৰ মৃতদেহ, সতীৰ্থই হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ…

নলবাৰীত কৈঠালকুছিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

ৰে’ল লাইনত ক্ষত-বিক্ষত অবস্থাত উদ্ধাৰ হৈছে টুটুমণি বৰ্মণ(২৯) নামৰ এজন যুৱকৰ মৃতদেহ।

পেছাত গাড়ী চালক আছিল টুটুমনি।

ইপিনে এই ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছে পৰিয়ালৰ লোকে।

ড্ৰাগচ আসক্ত সতীৰ্থই টুটুমণিক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

হত্যা কৰি কৈঠালকুছি ৰেল লাইনৰ পেলাই থোৱাৰ অভিযোগ পৰিয়ালৰ।

ইতিমধ্যে ক্ষত-বিক্ষত অবস্থাত কৈঠালকুছিৰ ৰেল ষ্টেচন সমীপৰ পৰা আৰক্ষীয়ে উদ্বাৰ কৰিছে টুটুমনি বৰ্মন নামৰ যুৱকজনৰ মূতদেহ।

পৰিয়ালৰ লোকৰ অবিযোগৰ ভিত্তিত ঘটনা সন্দৰ্ভত ইতিমধ্য টিহু আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

আৰক্ষীৰ তদন্তৰ পিছতহে ওলাই পৰিব ঘটনাৰ প্ৰকৃত তথ্য।

Leave a Comment