৮ কোটি টকাৰ হেৰ’ইনসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী দম্পতী…

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।

বোকাজান আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই জব্দ কৰে কেইবাকোটি টকাৰ নিষিদ্ধ ড্রাগছ।

লগতে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী এটা দম্পতী।

জানিব পৰা মতে, এক গোপন সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত তথা বোকাজান থানাৰ ভাৰপ্রাপ্ত বিষয়া মণি চমুৱা, খটখটি থানাৰ ভাৰপ্রাপ্ত বিষয়া প্রতাপ চেনাৰ, উপ–পৰিদর্শক ক্রমে চৰণ মোহন চেতিয়া, মৃদুল ৰুদ্র পাল আৰু নিতুল শইকীয়াৰ সহযোগত চিআৰপিএফ, আৰক্ষী কমাণ্ডো বাহিনীৰ এটা দলে খটখটি থানাৰ অন্তর্গত জনকপুখুৰী নামৰ ঠাইত অভিযান চলায়৷

এই অভিযানত অভিযানকাৰী আৰক্ষীৰ দলটোৱে ৮০টা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১০০৫ গ্রাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷

জব্দ হোৱা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্রীয় বজাৰমূল্য কমেও প্রায় ৮ কোটি টকা বুলি অনুমান কৰা হৈছে৷

এই সন্দর্ভত আৰক্ষীয়ে নাগালেণ্ডৰ এটা দম্পতীক গ্রেপ্তাৰ কৰে৷

ড্রাগ্ছ সৰবৰাহকাৰী দম্পতীটোৰ সৈতে এটি কণমানি শিশু থকা বুলি জানিব পৰা গৈছে৷

ধৃত দম্পতীটো ডিমাপুৰৰ নগা ইউনাইটেড ভিলেজৰ চাৰি মাইল নিৱাসী বেচিল মাও (২৭) আৰু মাথিব’ মাও বুলি চিনাক্ত কৰা হৈছে৷

ইয়াৰে বেচিল মাওৰ প্রকৃত ঘৰ মণিপুৰৰ সেনাপতি জিলাৰ চাডুবি কাইবিত যদিও শেহতীয়াকৈ ডিমাপুৰত বসবাস কৰি আহিছিল৷

উল্লেখ্য যে জব্দ হোৱা হেৰ’ইনখিনি মণিপুৰৰ পৰা সৰবৰাহ কৰি আনি থকা অৱস্থাতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়৷

Leave a Comment