৬ বছৰ পূৰ্বেই ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ প্ৰস্তাৱ দিছিল সীমান্ত পথ সংস্থাৰ বিষয়াই

নিউজ ডেস্ক। মাজে সময়ে ৰাজ্যখনত চৰ্চিত হৈ থকা বিষয়টো হ’ল বিষয়টো হ’ল ব্ৰহ্মপুত্ৰৰ তলেৰে উত্তৰ অসমৰ তেজপুৰ আৰু দক্ষিণ দিশৰ নগাঁৱৰ মিছাক সংযোগ কৰি প্ৰায় ১৩.৮৫ কি:মি: দৈৰ্ঘ্যৰ সুৰংগ পথ নিৰ্মাণ।

ইয়াৰ পূৰ্বে ২০২০ চনত কেন্দ্ৰীয় চৰকাৰে গহপুৰ-নুমলিগড় সংযোগী পথ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছিল।

কিন্তু শেহতীয়াভাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিৰক্ষাৰ দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ তেজপুৰ আৰু মিছাৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেৰে ৰে’লপথ আৰু যানবাহন চলাচল কৰিব পৰা (Rail Cum Road Underground Tunnel ) সুৰংগ পথ নিৰ্মাণৰ বাবে আগ্ৰহ প্ৰকাশ কৰি ১১ নৱেম্বৰৰ দিনা নতুন দিল্লীত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি প্ৰস্তাৱ দিয়াৰ পাছত বিষয়টোৱে নতুনকৈ চৰ্চা লাভ কৰিছে।

Hani-Jhanjhari-Bijaynagar-28-11-ADG-S-S-PODWAL-3

ডঃ শ্যাম সুন্দৰ পৰৱাল

ইফালে দেশৰ প্ৰতিৰক্ষাৰ দিশত বিশেষকৈ চুবুৰীয়া চীন দেশৰ সাম্ভব্য আক্ৰমণ, আগ্ৰাসন আদিৰ মোকাবিলা কৰিবৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুৰোধ মৰ্মে সুৰংগ পথ নিৰ্মাণৰ বিষয়টোত এইবেলি কেন্দ্ৰীয় চৰকাৰে চুড়ান্ত মোহৰ মৰাটো নিশ্চিত।

বিশেষকৈ চীন দেশে বোমা পেলাই চীন সীমান্ত সংযোগী অৰুণাচললৈ যাব পৰা তেজপুৰৰ কলীয়াভোমোৰা দলং, ডিব্ৰুগড়ৰ বগীবিল আৰু তিনিচুকীয়াৰ ঢলা শদিয়া সংযোগী ডঃ ভূপেন হাজৰিকা সেতু ধ্বংস কৰিলেও যাতে যাতায়ত ব্যৱস্থা ব্যহত নহয় তাৰবাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২০১৪-১৫ চনৰে পৰা কেন্দ্ৰীয় চৰকাৰক হেঁচা দি আহিছিল।

আনকি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সীমান্ত পথ সংগঠনৰ (বি.আৰ.অ) ফালৰ পৰা ২০১৬ চনতে ব্ৰহ্মপুত্ৰৰ তলৰে তেজপুৰ – মিছা বা গহপুৰ-নমুলীগড় সংযোগী কৰি সুৰংগ পথ নিৰ্মাণৰ বাবে জৰীপ চলোৱা হৈছিল।

14681111-10202352302885108-8488067691699525370-o

সীমান্ত পথ সংস্থা (BRO) ৰ গুৱাহাটীৰ লংকেশ্বৰস্থিত পূৱ মণ্ডলৰ মূখ্য কাৰ্যালয়ৰ তদানীন্তন অতিৰিক্ত সঞ্চালক প্ৰধান ( এ ডি জি ) ডঃ শ্যাম সুন্দৰ পৰৱালৰ নেতৃত্বত বিভাগটোৰ এটি বিশেষজ্ঞ – অভিযন্তাৰ দল ২০১৬ চনতে প্ৰস্তাৱিত তেজপুৰ – মিছা আৰু গহপুৰ-নুমলিগড় সংযোগী সুৰংগ পথৰ প্ৰাৰম্ভিক জৰীপ কৰিছিল।

আনকি, দুয়োটা স্থানতে সুকীয়াকৈ সুৰংগ পথ বা ৰে’লপথসহ সুৰংগ পথ নিৰ্মাণ কৰাটো সম্ভৱ বুলি ডঃ পৰোৱালে প্ৰাৰম্ভিক প্ৰতিবেদন দিছিল।

জানিব পৰা মতে আৰ্থিক ভাৱেও এই প্ৰকল্প সম্ভৱ বুলিও পথ – সুৰংগ নিৰ্মাণৰ ক্ষেত্ৰখনত দেশৰ অন্যতম বিশেষজ্ঞ ডঃ শ্যাম সুন্দৰ পৰোৱালে প্ৰতিৰক্ষা মন্ত্ৰালয়ক দাখিল কৰিছিল।

ঐইখিনিতে উল্লেখ্য ২০১৭ চনত বি আৰ অ’ৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰে ডঃ পৰৱালে। চাকৰি জীৱনৰ ৩৬ টা বছৰৰ ভিতৰত ২৬ বছৰেই কাৰ্যনিৰ্বাহ কৰিছে অৰুণাচল প্ৰদেশ আৰু অসমত।

বি.আৰ.অ’ত পথ, দলং আৰু সুৰংগ নিৰ্মাণৰ বিশেষজ্ঞ হিচাপে পৰিচিত, ইণ্ডিয়ান ৰোড কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা মেডেল সন্মানৰে বিভূষিত ডঃ পৰৱালে চিকিম আৰু অৰুণাচল প্ৰদেশত চীন সীমান্ত সংযোগী প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথ আৰু দলং নিৰ্মাণৰ প্ৰকল্পৰ লগত জড়িত।

FD5i-Dmy-Uc-AAg-Hpp

আনকি অৰুণাচল প্ৰদেশৰ চীন সীমান্তৰ টাৱাঙলৈ ওৰাঙৰ পৰা মাজবাট হৈ কালাকটাং, ৰূপা, শ্বেৰগাঁও , টেংগালৈ (অ কে এছ আৰ টি ), দুইলেন যুক্ত পথ নিৰ্মাণ, বালিপাৰাৰ পৰা ভালুকপুং, টেংগা, বমডিলা, ডিৰাং হৈ ( বি চি টি ৰোড) টাৱাঙলৈ দুইলেনযুক্ত পথ নিৰ্মাণ প্ৰকল্পৰ লগতো তেওঁ জড়িত আছিল।

অৰুণাচলৰ বমডিলা, চেলা পাছত সুৰংগ পথসহ বাইপাছ নিৰ্মাণ আদি কেইটাও প্ৰকল্পৰ কাম-কাজ সম্পন্ন কৰাৰ অভিজ্ঞতা থকা ডঃ পৰৱালে চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ হ’লে যাতায়ত ব্যৱস্থা ব্যাহত নহবৰ বাবে তেনে এটা সুৰংগ পথ ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰাটো অতি জৰুৰী বুলি সদৰি কৰিছে।

অৱশ্যে সকলো নিৰ্ভৰ কৰিব প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সেউজ সংকেতৰ ওপৰত। কিন্ত ব্যয়বহুল হলেও দেশৰ প্ৰতিৰক্ষাৰ দিশটো সুৰক্ষিত কৰি ৰাখিবলৈ হ’লে দুয়োটা স্থানতে তেনে একক বা বহুমুখী সুৰংগ পথ নিৰ্মাণ কৰাটো সম্ভৱ বুলি বি আৰ অ’ই ঘোষণা কৰাৰ পাছত সুৰংগ পথ নিৰ্মাণৰ বিষয়টোৰ জটিলতা বহুখিনী লাঘৱ হোৱাটো নিশ্চিত।

Leave a Comment