অসম

৪০ নহয়, ৰাষ্ট্ৰীয় ঘাইপথত ৬০ কিঃমিঃ গতিবেগ বৃদ্ধিৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ…

ৰাষ্ট্ৰীয় ঘাইপথত ৬০ কিঃমিঃ গতিবেগ বৃদ্ধিৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ।

ৰাষ্ট্রীয় ঘাইপথৰ দুৰৱস্থা আৰু বিভিন্ন স্থানত টোলগেটৰ অত্যধিক মাচুলে জলাকলা খুওৱা ৰাজ্যবাসীৰ বাবে আন এক আতংকৰ কাৰণ হৈ পৰিছে পৰিবহণ বিভাগৰ ইণ্টাৰচেপ্টৰসমূহ৷

দুর্ঘটনা প্রতিৰোধৰ নামত ৰাষ্ট্রীয় ঘাইপথসমূহত পৰিবহণ বিভাগে সংযোজন কৰা ইণ্টাৰচেপ্টৰসমূহৰ বাবে গম নোপোৱাকৈয়ে একাংশ চালকে ভৰিবলগীয়া হৈছে বৃহৎ পৰিমাণৰ জৰিমনা৷

ৰাজ্যৰ প্রায় প্রতিটো ৰাষ্ট্রীয় ঘাইপথৰ বিভিন্ন স্থানত পৰিবহণ বিভাগে ব্যৱহাৰ কৰা ইণ্টাৰচেপ্টৰ সমূহৰ বাবে অত্যধিক জৰিমনা ই–চালানযোগে লাভ কৰাৰ পাছত সৃষ্টি হৈছিল ব্যাপক প্রতিক্রিয়া৷

কোনো ধৰণৰ সজাগতা বা নিৰ্দেশনা প্ৰদান নকৰাকৈয়ে এইদৰে ই–চালান প্রদান কৰাক লৈ একাংশ চালকৰ মাজত সৃষ্টি হৈছে হাহাকাৰ।

আজি বিষয়টো সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাই ৰাষ্ট্ৰীয় ঘাইপথত গতিবেগ ৪০ ৰ বিপৰীতে ৬০ লৈকে বৃদ্ধি কৰাৰ পৰামৰ্শ আগবঢ়ায়।

এই ক্ষেত্ৰত দুই এদিনতে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাইজক চূড়ান্ত সিদ্ধান্ত জনাব বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

উল্লেখ্যে যে শুকুৰবাৰে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই বিতৰ্ক সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কৈছিল, ‘২০২০-২১ বৰ্ষত ৰাজ্যত ৭ হাজাৰ দুৰ্ঘটনা সংঘটিত হৈছিল।

এই দুৰ্ঘটনা সমূহৰ ৭৫ শতাংশ অত্যাধিক গতিবেগৰ বাবেই হৈছিল’।

তেওঁ লগতে কৈছিল, ‘২০২০ চনত যান–বাহন আইন সংশোধন কৰা হৈছে৷ এই সংশোধন অনুসৰি অত্যাধিক গতিবেগৰ বাবে পূর্বৰ ৪০০ টকাৰ ঠাইত জৰিমনা ২,০০০ টকালৈ বৃদ্ধি কৰা হৈছে’।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- প্ৰথমে জৰিমনা নহয়, দিয়া হ’ব জাননী, দ্বিতীয় বাৰহে জৰিমনা দিব লাগিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button