ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহত এতিয়াৰে পৰা আৰম্ভ হ’ব সংস্কাৰমুখী যাত্ৰা।
এই ক্ষেত্ৰত বিশেষ তৎপৰতা অৱলম্বন কৰিছে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে।
ৰাজ্যৰ ৩০০০ অংগনাবাড়ী কেন্দ্ৰলৈ বিভাগে আগবঢ়াব ২৫ লাখকৈ সাহায্য।
আনহাতে ৰাজ্যৰ ৬১ হাজাৰ অংগনৱাড়ী কেন্দ্ৰৰ হিতাধিকাৰীয়ে ঘৰে ঘৰে লাভ কৰিব পেকেটিং খাদ্য।
সোমবাৰে সমাজ কল্যাণ বিভাগৰ বিষয়াৰে হোৱা এক বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, ৰাজ্যত আছে ৬১ হাজাৰ অংগনৱাড়ী কেন্দ্ৰ।
প্ৰথম পৰ্যায়ত ৩০০০ অংগনৱাড়ী কেন্দ্ৰলৈ প্ৰদান কৰা হ’ব এই সাহায্য।
যিসমূহ অংগনৱাড়ী কেন্দ্ৰত পানী আৰু বিজুলীৰ ব্যৱস্থা নাই সেই কেন্দ্ৰ সমূহত এইসমূহ ব্যৱস্থা কৰিবলৈ বাজেটত পুঁজি ধাৰ্য কৰাৰ কথা ঘোষণা মন্ত্ৰী অজন্তা নেওগৰ।









