২ বছৰ বয়সতে চােৰাং চিকাৰীৰ পৰা উদ্ধাৰ কৰা বন বিষয়াৰ বুকুত মূৰ ৰাখি প্ৰাণ ত্যাগ গৰিলাৰ

নিউজ ডেস্ক। দাকাশি (Ndakasi)। বিৰল প্ৰজাতিৰ এক মাউন্টেইন গৰিলা। আচৰিত ধৰণে বিশ্বজুৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল।

ডেমক্ৰেটিক ৰিপাব্লিক অফ কম্বোৰ এই গৰিলাটি ইয়াৰ পূৰ্বে দখল কৰিছিল বাতৰিৰ শিৰোনাম। কিন্তু এইবাৰ তেওঁৰ আহিল এক দুখৰ খবৰ।

FBBa-TWIVEAc7-Ysj-1

১৪ বছৰৰ এই বিৰল প্ৰজাতিৰ গৰিলাটিৰ মৃত্যু হৈছে। দীৰ্ঘদিন ধৰি অসুস্থতাৰ বাবেই মৃত্যু হল মাউন্টেইন গৰিলাটিৰ।

২০১৯ চনত দাকাশিয়ে সৃষ্টি কৰিছিল আলোড়ন। এজন বন কৰ্মীৰ ছেলফিত তেওঁ আলোড়ন তুলিছিল। অৰ্থাৎ ছবিখন যেতিয়া সেই বনকৰ্মীজনে তুলিছিল, তেতিয়া কেমেৰাৰ পিছলৈ আহি লুক দি দৌৰিছিল দাকাশিয়ে।

FBBZu2-LVg-Akr-Vr6

সেই সময়ত দৃশ্যটো ব্যাপকভাৱে ভাইৰেল হৈ পৰিছিল সমগ্ৰ বিশ্বত। সেই দাকাশিৰ মৃত্যুৰ খবৰে এতিয়া শোকৰ ছাঁ পেলাইছে সকলোৰে মনত।

সামাজিক মাধ্যমত ভিৰুঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৰফৰ পৰা গৰিলাটিৰ এখন ফটো সহ মৃত্যুৰ খবৰ শ্বেয়াৰ কৰে।

বিশ্বজুৰি এই ছবিয়ে মন দুখী কৰিছে অসংখ্য মানুহৰ। দাকাশিৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰি ইনষ্টাগ্ৰামত এক বিবৃতি জাৰি কৰে উদ্যান কৰ্তৃপক্ষই।

FBBacsg-Vc-AQCs3v

তাত লিখা হৈছে, “দুখেৰে জনাওঁ যে আমাৰ প্ৰিয় অনাথ মাউন্টেইন গৰিলা দাকাশিৰ মৃত্যু হৈছে। এক দশকতকৈয়ো বেছি সময় ধৰি উদ্যানৰ চেনকয়েকি চেন্টাৰত আছিল সি। নিজৰ কেয়াৰটেকাৰ তথা প্ৰিয় বন্ধু আন্দ্ৰে বৌমাৰ বুকুত মূৰ ৰাখিয়েই শেষ নিশ্বাস ত্যাগ কৰে মাউন্টেইন গৰিলাই।”

FA-WPMDVc-AIz-FIV

উল্লেখ্য যে ২০০৭ চনৰ পৰা দাকাশিক ৰক্ষণাবেক্ষণৰ কাম কৰিছিল আন্দ্ৰে বৌমাই। মৃত মাতৃৰ কোলাত শুই থকা অৱস্থাত দাকাশি মাত্ৰ ২ বছৰৰ আছিল। সেই সময়ৰ পৰাই ৰেঞ্জাৰে উদ্ধাৰ কৰিছিল দাকাশিক। তাৰ পিছতেই জংঘললৈ পুনৰ ঘূৰি যাবলৈ ভয় খাইছিল দাকাশিয়ে।

বনকৰ্মীয়ে উদ্ধাৰ কৰি অনাথ মাউন্টেইন গৰিলা চেন্টাৰলৈ লৈ গৈছিল তাক। তাৰ পিছতেই তাত থাকি ডাঙৰ হৈ উঠিছিল দাকাশি। আৰু আন্দ্ৰে বৌমাই তাৰ চোৱাচিতাৰ দায়িত্ব লৈছিল।

FBBa-F8-LVk-AQla-On

আন্দ্ৰে বৌমাই দাকাশিক সোঁৱৰি কয়, “এনেদৰে এটা প্ৰাণীক চোৱাচিতা আৰু যত্ন লোৱাৰ সুযোগ পোৱাটো গৰ্বৰ কথা। বিশেষকৈ বহুত সৰু বয়সৰ পৰা যথেষ্ট কষ্ট সহ্য কৰিছে দাকাশিয়ে। দাকাশি খুব মিঠা স্বভাৱৰ আৰু বুদ্ধিমতী আছিল। আৰু সি আমাক বুজাই দিছিল যে মানৱ জাতিয়ে সৰ্বশক্তি দি আন প্ৰাণীক ৰক্ষা কৰা উচিত। মই দাকাশিক মোৰ বন্ধু বুলি কবলৈ পায় গর্বিত। তাক মই এটি শিশুৰ দৰে ভাল পাইছিলো। যেতিয়াই তাৰ সৈতে দেখা হয়, তেতিয়াই মোৰ মুখলৈ হাঁহি আনি দিছিল দাকাশিয়ে।”

Leave a Comment