২২ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বন বিভাগে দাহন কৰিব ২৪৭৯টা গঁড়ৰ খড়্গ…

অসম আৰক্ষীয়ে কিছুদিন পূৰ্বে জব্দ কৰা শ শ কিলো ড্ৰাগছ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ দৃশ্য হয়তো আপোনাৰ মনত আছে।

এই কাৰ্যৰ প্ৰতি দল সংগঠন নিৰ্বিশেষে আগবঢ়াইছিল সমৰ্থন।

কিন্তু এইবাৰ দীৰ্ঘদিনৰে পৰা চোৰাং চিকাৰীৰ পৰা জব্দ তথা উদ্ধাৰ কৰি জমা কৰি থোৱা গঁড়ৰ খড়্গ সমূহ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে।

বোকাখাতত অহা ২২ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বন বিভাগে দাহন কৰিব ২৪৭৯টা খড়্গ।

অসমৰ ৭ টা জ’নৰ কোষাগাৰত সংৰক্ষণ কৰি ৰখা মুঠ 2,623 টা গঁড়ৰ খড়্গ ভিতৰৰ 2,479 টা খৰ্গ আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে বোকাখাত মহকুমা কোষাগাৰত ইতিমধ্যে মজুত কৰা হৈছে।

নগাওঁ, মৰিগাওঁ, গোলাঘাট, বোকাখাত, কাজিৰঙা, বিশ্বনাথ,আদিৰ পৰা গঁড়ৰ খড়্গ সমূহ নি মজুত কৰি ৰাখা হৈছে বোকাখাতত।

ইয়াৰে ৯৪টা খড়্গ সংৰক্ষণ কৰি ৰাখিব আৰু ৫০টা খড়্গৰ বিৰুদ্ধে বৰ্তমানেও আদালতত গোচৰ চলি আছে৷

ইতিমধ্যে বোকাখাত ৰাজহুৱা খেলপথাৰত মুখ্য প্ৰধান বন সংৰক্ষকৰ নেতৃত্বত ইয়াৰ প্ৰস্তুতি চলিছে।

ভাৰতত প্ৰথমবাৰৰ বাবে চৰকাৰে জ্বলাই দিব গঁড়ৰ খড়্গ৷

কাজিৰঙাৰ বন বিভাগে গঁড়ৰ খড়্গ দাহনৰ বাবে সকলো কাম তদাৰক কৰিছে৷

এই সমগ্ৰ কাৰ্যসূচীৰ তদাৰক কৰিছে মুখ্য প্ৰধান বন সংৰক্ষক এম কে যাদৱে৷

Leave a Comment