‘২০ নৱেম্বৰৰ পৰা বন্ধ হ’ব শিক্ষানুষ্ঠান’-মুখ্যমন্ত্ৰীৰ নামত ভুৱা টুইট দুষ্ট চক্ৰৰ…

বৰ্ধিত কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ২০ নৱেম্বৰৰ পৰা শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে।

এনে এক বাৰ্তা সম্বলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামত এটা টুইট ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত।

মুখ্যমন্ত্ৰীৰ নামত অপপ্ৰচাৰ তথা ভাইৰেল হোৱা সেই টুইটোত কোৱা হৈছিল যে, ২০ নমেম্বৰৰ পৰা ৰাজ্যৰ বিদ্যালয় সমূহ কভিড পৰিস্থিতিৰ বাবে পুনৰ বন্ধ কৰি দিয়া হব।

কভিডৰ নামত সেই মিছা টুইটৰ স্ক্ৰীণশ্বট প্ৰচাৰ কৰি ভুৱা বাতৰি বিয়পালে এক দুষ্ট চক্ৰই।

সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে নিজেই জনালে এই কথা।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে এক টুইট কৰি সেই বিশেষ স্ক্ৰীণশ্বটটো মিছা বুলি প্ৰকাশ কৰিছে।

তেওঁ এইধৰণৰ ভুৱা খবৰত বিশ্বস নকৰিবলে সকলোকে আহ্বান জনাইছে।

বিদ্যালয় বন্ধৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাই। সেই টুইট মুখ্যমন্ত্ৰীৰ ফালৰ পৰাও দিয়া হোৱা নাই। কোনো দুষ্ট লোকে সেই মিছা কথাৰ টুইটৰ স্ক্ৰীণশ্বট ভাইৰেল কৰিছে।- মুখ্যমন্ত্ৰীয়ে লিখিছে।

লগতে এনে ভুৱা টুইটৰ পৰা সাৱধানে থাকিবলৈ আহ্বান জনাইছে সাধাৰণ ৰাইজক।

Leave a Comment