২০২০ বৰ্ষৰ UPSCৰ ফলাফল ঘোষণা, অসম সন্তান আহমেদ হাছানুজ্জামান চৌধুৰীৰ সফলতা…

২০২০ বৰ্ষৰ UPSCৰ ফলাফল ঘোষণা।

শুকুৰবাৰে ঘোষণা কৰা হয় ভাৰতীয় লোকসেৱা আয়োগৰ (UPSC) 2020 অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল৷

আয়োগে এইবাৰ মুঠ ৭৬১ জন প্ৰাৰ্থী নিযুক্তিৰ পৰামৰ্শ দিছে।

শুভম কুমাৰে এই সন্মানীয় পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে।

May be an image of 1 person and standing

UPSCৰ অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফলত উত্তীৰ্ণ অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰী।

২৮৩ নং ৰেংক লাভ কৰে হাইলাকান্দিৰ লখিৰবন্দ নিবাসী হাছানুজ্জামানে।

তেওঁ AEGCLৰ অৱসৰপ্ৰাপ্ত CGM জাকিৰ আহমেদ চৌধুৰীৰ পুত্ৰ। 

আহমেদ হাছানুজ্জামান জামিয়া মিলিয়া ইছলামিয়াৰ ইঞ্জিনিয়াৰিঙৰ স্নাতক।

Leave a Comment