১৫ বাৰ চুৰিৰে আঘাত কৰা হৈছিল ডিম্পলৰ শৰীৰৰ, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ…

অৱশেষত প্ৰকাশ পালে মহানগৰীৰ ডিম্পল হত্যাকাণ্ডৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।

সোমবাৰে ডিম্পল হত্যাকাণ্ডৰ তদন্তকাৰী আৰক্ষীয়ে ডিম্পলৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰে।

প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ডিম্পলৰ শৰীৰত ১৫ বাৰকৈ চুৰিৰে আঘাত কৰা হৈছিল।

চুৰিৰে শৰীৰত আঘাত কৰাৰ উপৰিও ডিম্পলৰ মুৰত গধুৰ বস্তুৰে বহুবাৰ প্ৰহাৰ কৰিছিল বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

মুৰত পোৱা আঘাতৰ বাবে ব্ৰেইন হেমাৰেজ হৈ ডিম্পলৰ মৃত্যু হোৱা বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।

উল্লেখ্য যে, ১ ছেপ্তেম্বৰত গুৱাহাটী মহানগৰীৰ নিজৰ বাসগৃহত ডিম্পল কুমাৱত নামৰ ১৪ বছৰীয়া কিশোৰী গৰাকীক আশ্বিক গুপ্তা নামৰ এজন যুৱকে চুৰিৰে আক্ৰমণ কৰি হত্যা কৰিছিল।

Leave a Comment