১৫ নৱেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব মেগা ভেকচিনেছন শিবিৰঃ স্বাস্থ্য মন্ত্ৰী…

ৰাজ্যত পুনৰ বৃদ্ধি হৈছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।
ৰাজ্যত দৈনিক ৩ শতাধিক লোক আক্ৰান্ত হৈছে ক’ভিডত।
ক’ভিড ১৯ৰ পৰা ৰাজ্যবাসীক সকাহ দিবলৈ ভেকচিনেচনৰ সংখ্যা বৃদ্ধি কৰা হৈছে।
কাজিৰঙাত এই মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ।
বৰ্তমানলৈকে ৰাজ্যত ২.৪২ কোটিকৈও অধিক লোকক ভেকচিন প্ৰদান কৰিছে স্বাস্থ্য বিভাগে।
মন্ত্ৰী গৰাকীয়ে জনোৱা মতে নৱেম্বৰৰ ১৫ তাৰিখৰ ভিতৰত ৰাজ্যত সপ্তাহজোৰা মেগা ভেকচিনেচন শিবিৰৰ জৰিয়তে প্ৰতিজন লোকৰ দ্বিতীয় পালি ক’ভিড ভেকচিন নিশ্চিতভাৱে দিয়াৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে।
আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান লৈ অহা দেশী বিদেশী পৰ্যটকৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে অধিক তৎপৰতাৰে কাম কৰি আহিছে বুলি কয় মন্ত্ৰী গৰাকীয়ে।
ইফালে, বৰ্তমান কভিড সংক্ৰমণৰ যি হাৰ সেয়া তৃতীয় ঢৌৰ আগজাননী নহয় বুলি প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।