১২ বিধায়কসহ তৃণমূল কংগ্ৰেছলৈ যাব মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা!

নিউজ ডেস্ক। পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভেৰে চৰকাৰ গঠন কৰি উৎফুল্লিত হৈ পৰিছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ।

দলটােৱে এইবাৰ ৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ খােপনি পুতিবলৈ পূৰ্ণােদ্যমে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বিশেষকৈ উত্তৰ পূবৰ একাধিক ৰাজ্যত দলৰ স্থিতি শক্তিশালী কৰিবলৈ উঠি পৰি লাগিছে তৃণমূল কংগ্ৰেছ।

ত্ৰিপুৰাৰ পাছত এইবাৰ মেঘালয়ত দলীয় উপস্থিতি মজবুত কৰিবলৈ ৰণকৌশল ৰচনাত ব্যক্ত হৈ পৰিছে দলীয় নেতৃত্ব।

সেই অনুসৰি, মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পূব গাৰোপাহাৰৰ প্ৰভাৱশালী নেতা মুকুল চাংমাই কংগ্ৰেছ ত্যাগ কৰিব অচিৰেই ১২ গৰাকী দলীয় বিধায়কৰ সৈতে যােগদান দিব তৃণমূল কংগ্ৰেছত।

উল্লেখ্য যে ২০১০ ৰ পৰা ২০১৮ পৰ্যন্ত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ পদত কাৰ্যনিৰ্বাদ কৰিছিল চাংমাই। বৰ্তমান তেওঁ মেঘালয় বিধানসভাৰ বিৰোধী দলপতি।

সূত্ৰত প্ৰকাশ যে প্ৰায় ডেৰমাহ পূৰ্বে তেওঁৰ বিৰোধী গোটৰ নেতা হিচাপে পৰিচিত লোকসভাৰ সাংসদ ভিনচেণ্ট পালাক মেঘালয়ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে নিযুক্ত কৰা হয়।

তাৰ পাছৰে পৰা চাংমাই তৃণমূলৰ স’তে যোগাযোগ আৰম্ভ কৰে।

পূব গাৰোপাহাৰৰ প্ৰভাৱশালী নেতা চাংমাই দলত্যাগ কৰিলে মেঘালয় কংগ্ৰেছৰ বৃহৎ ক্ষতি হ’ব বুলি কোৱা হৈছে।

উল্লেখ্য যে ২০০৪ত লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ আৰু মেঘালয়ৰ বৰেণ্য ৰাজনীতিক পূৰ্ণ চাংমাই এন চি পি ত্যাগ কৰি তৃণমূলত যোগ দিছিল।

সেই বছৰ লোকসভাৰ নিৰ্বাচনত তৃণমূলৰ টিকটত তেওঁ বিজয়ী হৈছিল।

মন কৰিবলগীয়া যে ইতিমধ্যে অসমৰ সুস্মিতা দেৱ, ত্ৰিপুৰাৰ সুবল ভৌমিকসহ উত্তৰ-পূৰ্বাঞ্চলৰ একাধিক কংগ্ৰেছ নেতাই তৃণমূলত যোগ দিছে।

Leave a Comment