হৃদৰােগত আক্ৰান্ত ৰৌনক আলী হাজৰিকা, চিকিৎসালয়ত ভৰ্তি

নিউজ ডেস্ক। আয়তকৈ অধিক সম্পত্তিৰ গােচৰত মুখ্যমন্ত্ৰী তদাৰকী গােটে গ্ৰেপ্তাৰ কৰা নিলম্বিত উপ-আৰক্ষী মহাপৰিদৰ্শক (DIG) ৰৌনক আলী হাজৰিকাক MMCH ত ভৰ্তি কৰােৱা হৈছে।

জানিব পৰা মতে, বুধবাৰে নিশা আৰক্ষীৰ জিম্মাত থকা ৰৌনক আলী হাজৰিকা গুৰুতৰভাৱে অসুস্থ হৈ পৰে।

হঠাত্‍ হৃদৰোগত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা হাজৰিকাক প্ৰথমে MMCHত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ গুৰুতৰ অৱস্থাৰ বাবে GMCH লৈ স্থানান্তৰৰ বাবে ব্যৱস্থা হাতত লৈছে আৰক্ষীয়ে।

উল্লেখ্য যে হাজৰিকা পূৰ্বৰে পৰা এজন হৃদৰােগী। ইয়াৰ পূৰ্বেও দুবাৰ তেওঁ হৃদৰােগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল।

Leave a Comment