অসম

সৰ্বানন্দ সোণোৱালক বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ যাবলৈ নিদিয়ে আজিজুল হকে, যুঁজ কৰিবলৈ সাজু…

বিনা প্ৰতিদন্দ্বিতাৰে ৰাজ্যসভালৈ যাবলৈ নিদিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক।

যুঁজ দিবলৈ সাজু মহম্মদ আজিজুল হক।

বুধবাৰে ৰাজ্যসভাৰ মনোনয়ন পত্ৰ জমা দিবলৈ বিধানসভাৰ চৌহদত উপস্থিত হয় আজিজুল হক।

ৰাজ্যসভাৰ নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ প্ৰয়োজনীয় দহজন বিধায়কৰ সমৰ্থনত স্বাক্ষৰ ল’বলৈ বিধায়ক আবাসৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰে আজিজুল হক।

মনোনয়নপত্ৰ দাখিল কৰিবলৈ লাগে দহজন বিধায়কৰ সমৰ্থনত স্বাক্ষৰ৷

পিছে কিন্তু কোনো বিধায়কৰ সাক্ষাতেই নাপালে আজিজুলে।

ৰাজ্যসভাৰ মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনটোত আজিজুল হকে বিধায়কৰ সমৰ্থন আদায়ত ব্যৰ্থ হৈ অৱশেষত অহা বাটে উভতি গ’ল ঘৰলৈ।

আজিজুলৰ ঘৰ পবিতৰা অভয়াৰণ্যৰ সমীপৰ এক গাঁৱত৷

আজিজুল হক প্ৰায় প্ৰতিটো ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়তে এনেদৰে বিধানসভাৰ চৌহদত উপস্থিত হোৱা দেখা যায়।

আজিজুলে সাংবাদিকৰ সন্মুখত দাবী কৰে- ‘ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ কথা মতে মই মনোনয়ন পত্ৰ দাখিল কৰিম। মোক প্ৰবঞ্চনা কৰিলে দিল্লীৰ পৰা বিজেপি চৰকাৰ উৎখাত কৰিম৷ মোৰ টকা আছে৷ SBIত মোৰ একাউণ্ট আছে৷ মোৰ তেৰ বিঘামান মাটিও আছে৷ বিধায়কক মেনেজ কৰি মই ৰাজ্যসভালৈ যামেই।’

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button