ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।
কিন্তু তাৰ মাজতে একাংশ আৰক্ষীও নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ত জড়িত থকাৰ খবৰে তোলপাৰ লগাইছে আৰক্ষীৰ ভিতৰচৰাত।
কিয়নো নিষিদ্ধ গাঞ্জা সৰবৰাহ কৰি শোণিতপুৰ জিলাত এইবাৰ আটক হ’ল এগৰাকী আৰক্ষী জোৱান।
গাঞ্জাসহ ঠেলামাৰাত আটক হয় ২৪ আইআৰবিএনৰ জোৱানজন।
জোৱানজনৰ নাম তপন দাধৰা বুলি জানিব পৰা গৈছে।
ৰিংকু নাথ নামৰ এগৰাকী গৃহৰক্ষী জোৱানৰ তৎপৰতাত আটক হয় গাঞ্জা সৰবৰাহকাৰী আৰক্ষী জোৱানগৰাকী।
জানিব পৰা মতে, এখন মটৰ চাইকেলত গাঞ্জাখিনি লৈ আহিছিল অভিযুক্ত তপন দাধৰাই।
গৃহৰক্ষী জোৱানজনে এই বিষয়ে অৱগত হৈ পিছে পিছে খেদি গৈছিল আৰু হাতে লোটে ধৰা পেলাই আৰক্ষী জোৱানজনক।
পাছত ঢেকিয়াজুলি আৰক্ষী থানাৰ গৃহৰক্ষী জোৱান ৰিংকু নাথে ঠেলামাৰা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰক্ষী জোৱানজনক আটক কৰে।
জব্দকৃত গাঞ্জাখিনৰ ওজন প্ৰায় ৮কিলোগ্ৰাম হ’ব বুলি জানিব পৰা গৈছে।
গৃহৰক্ষী জোৱান ৰিংকু নাথক ২০ হাজাৰ টকাৰ প্ৰলোভনো দিছিল ধৃত আৰক্ষী জোৱানজনে।









