সেনাৰ সৈতে NSCN (IM) উগ্ৰপন্থীৰ ভয়াৱহ সংঘৰ্ষ, নিহত উগ্ৰপন্থী

অসম-অৰুণাচল সীমান্তত ভাৰতীয় সেনাৰ সৈতে NSCN (IM) উগ্ৰপন্থীৰ ভয়াৱহ সংঘৰ্ষ।
সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ দেউমালীৰ গভীৰ অৰণ্যত সূত্ৰপাত ঘটে এই সংঘৰ্ষৰ।
এই সংঘৰ্ষত উগ্ৰপন্থী সংগঠনটোৰ এজন দুৰ্ধৰ্ষ সদস্য নিহত হোৱাৰ লগতে আহত হৈছে আন দুজনকৈ সদস্য।

সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে, টিৰাপ জিলাৰ বিভিন্ন অঞ্চলত ধন দাবী আৰু বিস্ফোৰণ সংঘটিত কৰাৰ উদ্দেশ্যে দেউমালীৰ গভীৰ অৰণ্যৰ মাজত NSCN (IM) ৰ এটা গোটে বাহৰ পাতি থকাৰ সম্ভেদ লাভ কৰি সেনাৰ দলটোৱে আৰক্ষীৰ সহযােগত অভিযান আৰম্ভ কৰে।
উক্ত অভিযানকালত উগ্ৰপন্থী দলটোৰ সৈতে হোৱা সেনাৰ গুলীয়াগুলিত উগ্ৰপন্থী দলটোৰ এজন সদস্য নিহত হোৱাৰ লগতে আন দুজন সদস্য গুৰুতৰভাৱে আহত হয়।

আনহাতে, সেনাৰ দলটোৱে উগ্ৰপন্থী দলটোৰ পৰা এটা এ কে-৪৭, চাৰিটাকৈ মেগজিন, শতাধিক সক্ৰিয় গুলী, এটা হেণ্ড গ্ৰেনেড, ম’বাইল হেণ্ডছেট, দা, টৰ্চলাইট, ধন দাবীপত্ৰ আদিকে ধৰি বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।