সুদীৰ্ঘ ২২ বছৰে সেনা বাহিনীত সেৱা আগবঢ়াই ঘৰলৈ ঘূৰি অহা সৈনিকক বিপুল আদৰণি গাঁওবাসীৰ

নিউজ ডেস্ক। এগৰাকী ভাৰতীয় সেনাৰ জােৱানক চাকৰিৰ পৰা অৱসৰৰ পাছত ঘৰলৈ উভতি অহাত বিপুল আদৰণি জনায় গাঁওবাসীয়ে।

উল্লেখ্য যে ভাৰতীয় সেনা বাহিনীত ২২ বছৰ কৰ্মৰত দেশ মাতৃৰ নিস্বাৰ্থ সেৱা আগবঢ়াইছিল বােকাখাতৰ মহমাইকী গাঁৱৰ নিবাসী লক্ষেশ্বৰ মৰাঙে।

সেয়ে চাকৰিৰ পৰা অৱসৰ লৈ ঘৰলৈ ঘূৰি অহা লক্ষেশ্বৰ মৰাঙক বিপুল আদৰণি জনায় বােকাখাতৰ মহমাইকী গাঁৱৰ স্থানীয় লােকে।

গাঁৱলৈ উভতি অহাৰ লগে লগে গাঁৱৰ লোকসকল উৎফুল্লিত হৈ পৰে আৰু লক্ষেশ্বৰ মৰাঙক গাঁৱৰ ৰাইজে ঢােলে-দগৰে আদৰণি জনায়।

অৱসৰপ্ৰাপ্ত সেনা জােৱানজনক ফুলাম গামােচা তথা ফুলৰ থােপাও প্ৰদান কৰে বিভিন্নজনে।

দেশৰ বাবে কাম কৰি ঘৰৰ ল’ৰা ঘৰলৈ উভতি অহাৰ পিছত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী।

গাঁওবাসীৰ এনে মৰম তথা সন্মান পাই আৱেগিক হৈ পৰে সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত জােৱান লকক্ষেশ্বৰ মৰাং।

Leave a Comment