অসম

সলনি হ’ল নেকি লােকপ্ৰিয় গােপীনাথ বৰদলৈ বিমানবন্দৰৰ নাম? এটা বিজ্ঞাপনক লৈ তােলপাৰ ৰাজ্য…

সলনি হ’ল নেকি লােকপ্ৰিয় গােপীনাথ বৰদলৈ বিমানবন্দৰৰ নাম?

অপমানিত কৰা হ’ল নেকি আধুনিক অসমৰ ৰূপকাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈক?

আদানি গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপ’ৰ্টৰ নামত মুকলি হোৱা এটা বিজ্ঞাপনক লৈ এতিয়া তোলপাৰ ৰাজ্য।

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ পৰা গোপীনাথ বৰদলৈৰ নামৰ ঠাইত আদানি গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপ’ৰ্টৰ নামত এটা বিজ্ঞাপনে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

উল্লেখ্যে যে, ২০১৯ চনত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো মোডী চৰকাৰে আদানি গ্ৰুপক গটাই দিছিল।

৫০ বছৰৰ বাবে লীজত দিয়া হৈছিল গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

বিমানবন্দৰসমূহ লোকচানৰ অজুহাত দেখুৱাই মোডী চৰকাৰে ব্যক্তিগত খণ্ডক গটাই দিছিল।

আদানি গ্ৰুপক বিমানবন্দৰটো প্ৰদান কৰাৰ পিছত অসমত বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিছিল প্ৰতিবাদ।

কিন্তু অতি শেহতীয়াভাৱে আদানি গ্ৰুপে মুকলি কৰা এটা বিজ্ঞাপনে তোলপাৰ লগাইছে ৰাজ্যত।

১৭ আগষ্ট ২০২১ত আদানি গ্ৰুপে দিয়া এটা বিজ্ঞাপনত অতি কৌশলেৰে নন এৰ’ নটিকেল সেৱাৰ বাবে নিবিদা আহ্বান কৰি প্ৰথমতেই ডাঙৰকৈ লিখা হৈছে আদানি গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপ’ৰ্ট লিমিটেড।

অসমতেই গোপীনাথ বৰদলৈৰ নামত থকা বিমান বন্দৰটোক আদানি গ্ৰুপে নিজৰ বিমান বন্দৰৰ দৰে উল্লেখ কৰি এনে বিজ্ঞাপন দিয়া কাৰ্যক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

বৰঝাৰ বিমান বন্দৰ নামেৰে জনাজাত এই বিমান বন্দৰটোৰ নাম ১৯৯৮ চনৰ ২৩ অক্টোবৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ কৰা হৈছিল।

উল্লেখ্য যে, স্বাধীনতাৰ যুঁজাৰু, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী, দেশৰে এজন যোগ্য ৰাজনীতিবিদৰ নামত এই বিমান বন্দৰটো নামাকৰণ কৰি তেওঁক উচিত সন্মান দিয়া হৈছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button