সলনি নহয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নামঃ মুখ্যমন্ত্ৰী

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম সলনিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম সলনি নহয় বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- বিমান বন্দৰৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰেই থাকিব। নামটোক লৈ আমি কোনোধৰণৰ উত্তেজনাৰ সৃষ্টি কৰিব নালাগে।

গোলাঘাটত সাংবাদিকৰ আগত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ লগতে দেশৰ মুঠ ৬ টা বিমান বন্দৰ বিমানবন্দৰ ব্যক্তিগত খণ্ডক গোটাইছে মোডী চৰকাৰে।

আদানি গ্ৰুপক ৫০ বছৰৰ বাবে লীজত দিয়া হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰক।

শেহতীয়াকৈ বিমানবন্দৰটোৰ পৰা গোপীনাথ বৰদলৈৰ নামৰ ঠাইত আদানি গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপ’ৰ্টৰ নামত বিজ্ঞাপন মুকলি হোৱকা লৈ ৰাজ্যত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

Leave a Comment