অসমঅসমীয়া

ষট পূজাৰ পৰা ঘূৰি আহোঁতে দুৰ্ঘটনাত মৃত্যু ১০ জন লোকৰ

এক শোকাৱহ পথ দুৰ্ঘটনা। অট’ৰিক্সা আৰু চিমেণ্ট পৰিবাহী গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ।

সংঘৰ্ষত ষট পূজাৰ পৰা ঘূৰি অহা ১০ জনকৈ লোকৰ মৃত্যু হয়।

এই ঘটনা বৃহস্পতিবাৰে পুৱা সংঘটিত হয় কৰিমগঞ্জৰ বৈঠাখালৰ অসম-ত্ৰিপুৰা ৮নং ৰাষ্ট্ৰীয় ঘাইপথত।

আৰক্ষীৰ সূত্ৰ অনুসৰি, অট’ৰিক্সা আৰু এখন চিমেণ্ট কঢ়িয়াই অনা গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলত দূৰ্ঘটনাটো সংঘটিত হয়।

মৃত্যু হোৱা লোকৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

দূৰ্ঘটনাত নিহত পুৰুষ-মহিলা সকল ষট পূজাৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে। দূৰ্ঘটনাগ্ৰস্ত অট’খনৰ নম্বৰ এএছ১০এ চি৫৭৮২ আৰু ট্ৰাকখনৰ নম্বৰ এনএল০১কিউ ০০৮৮।

ঘটনাৰ পিছতেই স্থানীয় ৰাইজে অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে। পৰৱৰ্তী সময়ত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। আৰক্ষীয়ে বৰ্তমান ট্ৰাকখনৰ চালকক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে।

উল্লেখ্য যে এই ঘটনাৰ বাবে শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ আৰক্ষীক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button