শ্বেৰমান আলীৰ গ্ৰেপ্তাৰৰ পিছতে কংগ্ৰেছ বিধায়িনী দলৰ জৰুৰী বৈঠক…

শ্বহীদক লৈ অপমানজনক মন্তব্য কৰি অৱশেষত গ্ৰেপ্তাৰ হ’ল বাঘবৰৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী।

শ্বেৰমান আলীৰ গ্ৰেপ্তাৰৰ পিছতে জৰুৰী বৈঠকত মিলিত হয় কংগ্ৰেছ বিধায়িনী দল।

বৈঠকত APCCৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইনসহ কংগ্ৰেছৰ বিধায়কসকল উপস্থিত থাকে।

শ্বেৰমান আলী সন্দৰ্ভত বিধায়িনী দলে ল’ব সিদ্ধান্ত৷ উপ নিৰ্বাচন সংক্ৰান্ততো হ’ব আলোচনা কৰা হয় বৈঠকত।

উল্লেখযোগ্য শ্বহীদক ঘাতক আখ্যা দি বিতৰ্কৰ মাজত সোমাই পৰিছিল শ্বেৰমান আলী।

এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। 

Leave a Comment