নিউজ ডেস্ক। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বহু বিতৰ্কিত কংগ্ৰেছ নেতা শ্বেৰমান আলীৰ মুক্তিৰ দাবীত বাঘবৰত বন্ধৰ আহ্বান জনাই নিলম্বিত হ’ল দুজনকৈ কংগ্ৰেছ নেতা।
উল্লেখ্য যে মন্দিয়া ব্লক কংগ্ৰেছৰ আহ্বানত শনিবাৰে ১২ ঘণ্টীয়া বাঘবৰ সমষ্টি বন্ধৰ আহ্বান জনোৱা হৈছিল।
ইয়াৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দলৰ নীতি-নিয়ম ভংগ কৰাৰ অপৰাধত বৰপেটা জিলাৰ বাঘবৰ বিধানসভা সমষ্টিৰ মন্দিয়া ব্লক কংগ্ৰেছৰ কমিটীৰ সাধাৰণ সম্পাদক (প্ৰ) ৰফিকুল ইছলামক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ বৰ্খাস্ত কৰা হয়।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক প্ৰশাসনিক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই স্বাক্ষৰ কৰা এক নিৰ্দেশযোগে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আহ্বান কৰা বন্ধ কাৰ্যসূচীয়ে দলৰ ভাৱমূৰ্তি বিনষ্ট কৰিছে বুলি উল্লেখ কৰি এনে ধৰণৰ দলীয় শৃংখল ভংগ কৰাৰ অপৰাধত এই কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি ৰফিকুল ইছলামক বৰ্খাস্ত কৰা হৈছে।









