এক শোকাৱহ ঘটনা।
বাইক আৰু চাইকেলৰ মুখামুখি সংঘৰ্ষত প্ৰাণ হেৰুৱালে ১৩ বছৰীয়া কিশোৰে।
ৰূপহীহাটৰ হাতীপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা।
যাৰ ফলত থিতাতে নিহত হয় চাইকেল আৰহী কিশোৰটো। আনহাতে আহত হয় দুজন বাইক আৰহী।
স্থানীয় লোকে ততাতৈয়াকৈ তিনিওজনক ৰূপহী মডেল হস্পিতালত ভৰ্ত্তি কৰাই যদিও চিকিৎসকে ১৩ বছৰীয়া কিশোৰটি নিহত হোৱা বুলি ঘোষণা কৰে চিকিৎসকে।
গুৰুতৰভাৱে আহত আফজালুৰ ৰহমান আৰু মেহদি আলম।
মৃত হোৱা ১৩ বছৰীয়া কিশোৰজনৰ পৰিচয় এতিয়াও চিনাক্ত হোৱা নাই।
দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS02AF1109
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটোক মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।









