শোকাৱহ পথ দুৰ্ঘটনা! পুখুৰীত সোমাল চাৰিচকীয়া বাহন, অধিবক্তাসহ দুজনৰ কৰুণ মৃত্যু…

দুৰ্গাপূজাৰ আনন্দ-উছাহৰ মাজতে অষ্টমীৰ নিশা শিৱসাগৰত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা।

দুৰ্ঘটনাটোৰ ফলত অধিবক্তাসহ ২জন লোক নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়।

শিৱসাগৰ মানকটা তিনি আলিৰ সমীপত পুখুৰীত পৰি দুৰ্ঘটনাত পতিত হয় এখন চুইফট্ ডিজায়াৰ গাড়ী।

যোৰহাটৰ দিশৰ পৰা শিৱসাগৰ চহৰ অভিমুখে গৈ থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো।

তীব্ৰবেগেৰে গছত খুন্দা মাৰি ASO1 EO O886 নম্বৰৰ ৰঙা ৰঙৰ ছুইফট ডিজায়াৰখন এটা পুখুৰীত সোমাই পৰে।

স্থানীয় লোকে পানীৰ তলত থকা গাড়ীখনৰ পৰা তিনিজন লোকক উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে ইয়াৰে দুজনক মৃত ঘোষণা কৰে।

দূৰ্ঘটনাটোত নিহত যুৱক দুজন হৈছে জয়সাগৰ গাওঁৰক্ষী বাহিনীৰ সদস্য তথা অধিবক্তা নিবেদন শৰ্মা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰূদ্ৰসাগৰ আঞ্চলিকৰ উপ সভাপতি ৰাজমণি দাস বুলি জানিব পৰা গৈছে।

ইপিনে আঘাতপ্ৰাপ্ত যুৱকজন বলিয়াঘাটৰ মৃনাল দাসক ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

ইপিনে, দুৰ্ঘটনাৰ পিছত নিশাই ক্ৰেন লগাই পুখুৰীৰ পৰা অভিশপ্ত গাড়ীখন তুলি নিয়ে  আৰক্ষীয়ে।

দুয়োগৰাকী উদীয়মান যুৱকৰ মৃত্যুত সমগ্ৰ জয়সাগৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।

Leave a Comment