শোকাৱহ! তীব্ৰবেগী উইংগাৰৰ খুন্দাত থিতাতে প্ৰাণ গ’ল এগৰাকী কণমানিৰ…

এক শোকাৱহ পথ দুৰ্ঘটনা।

তীব্ৰবেগী উইংগাৰৰ খুন্দাত থিতাতে প্ৰাণ গ’ল এগৰাকী কণমানিৰ।

কামপুৰ-বৈঠালাংছু পথত দেওবাৰে সংঘটিত হয় এই দুৰ্ঘটনাটো।

কামপুৰ-বৈঠালাংছু পথৰ কচুৱাৰ গেৰেজাইপামত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে মৃত শিশুটিৰ নাম ছানিয়া বেগম।

উল্লেখযোগ্য যে ৰাস্তাৰ কাষত ৰৈ থকা শিশুটিক এখন গাড়ী অভাৰটেক কৰিবলৈ গৈ উইংগাৰখনে খুন্দা মাৰে।

ফলত থিতাতে নিহত হয় তিনি বছৰীয়া শিশুটি।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল

ইপিনে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই উইংগাৰখন এৰি পলায়ন কৰে চালকে।

দুৰ্ঘটনা সংঘটিত কৰা উইনগাৰখন ইতিমধ্যে কচুৱা আৰক্ষীয়ে জব্দ কৰিছে।

দুৰ্ঘটনা সংঘটিত কৰা উইংগাৰখনৰ নম্বৰ হৈছে  AS 02 CC 1462।

Leave a Comment