অসম

শিহৰণকাৰী! চোৰাং চিকাৰীয়ে কামুৰি ছিঙিলে SSB জোৱানৰ আঙুলি, জব্দ হাতীৰ দাঁত…

এক শিহৰণকাৰী গটনা।

চোৰাং চিকাৰীয়ে কামুৰি ছিঙিলে SSB জোৱানৰ আঙুলি।

চিৰাঙত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযানৰ সময়ত সংঘটিত হয় এই শিহৰণকাৰী ঘটনা।

বন বিভাগ আৰু SSBৰ দলে চোৰাং চিকাৰীৰ বিৰুদ্ধে যৌথ অভিযান চলোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা৷ 

অৱশ্যে অভিযানকাৰী দলটোৱে হাতীৰ দাঁতসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

ধৃত লোকজন আমটেকাৰ শিমলুগুৰীৰ কিৰণ বৰগয়াৰী।

অভিযানৰ সময়ত চোৰাং চিকাৰীটোৰ পৰা দুটাকৈ হাতীৰ দাত জব্দ কৰে।

ৰায়মনা ৰাষ্ট্ৰীয় উদ্যোনৰ বন বিভাগৰ দল আৰু SSBৰ দলে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ আমটেকাত অভিযান চলাইছিল৷

গ্ৰাহকৰ বেশত গৈ অভিযানকাৰী দলে চোৰাং চিকাৰীটোক কৰায়ত্ত কৰাৰ চেষ্টা চলোৱাৰ সময়তে ঘটিল এই অঘটন৷

SSB জোৱানৰ দুটাকৈ আঙুলি কামুৰি ছিঙি পলায়নৰ চেষ্টা চলালে চোৰাং চিকাৰীটোৱে৷ পিছত অভিযানকাৰী দলৰ তৎপৰতাত চোৰাং চিকাৰীটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷   

আহত জোৱানজনক বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

Related Articles

Leave a Reply

Back to top button