শিক্ষকৰ বদলিকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ…

শিক্ষকৰ বদলিকৰণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ।

শিক্ষকৰ পাৰস্পৰিক বদলি সন্দৰ্ভত চলি থকা দাবী অনুসৰি অনলাইন পোৰ্টেল খুলি দিয়া হ”ব বুলি মত পোষণ মন্ত্ৰীগৰাকীৰ।

পেগুৱে অতি সোনকালে শিক্ষক সকলৰ পাৰস্পৰিক বদলিৰ কাৰণে অনলাইন পোৰ্টেল খুলি দিয়া হ’ব আৰু ইয়াৰ সৈতে জড়িত অন্যান্য কাৰণ সমূহ সামাধন কৰা হ’ব বুলি মন্তব্য কৰে।

দুই-এদিনতে অনলাইন বদলিৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব বুলিও মন্তব্য কৰে শিক্ষামন্ত্ৰীৰ।

সোমবাৰে অভয়াপুৰী মহাবিদ্যালয় ভ্ৰমণ কৰি অসমৰ গোটেই শিক্ষা ব্যাৱস্থাৰ সংস্কাৰ আৰু নতুন শিক্ষা নীতিৰ আধাৰত নতুন কাৰ্য্যপন্থা গ্ৰহণৰ বাবে অসম চৰকাৰে ব্যাৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে ৰণোজ পেগুৱে।

স্কুটিত উঠি পত্নীৰ সৈতে কথা পাতি আছিল প্ৰাক্তন বিধায়ক, ঘটিল ভয়ানক ঘটনা…

উল্লেখ্য যে, বৰ্তমান ৰাজ্যত পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে শিক্ষক সকলৰ বদলি বন্ধ কৰি ৰাখিছে ৰাজ্য চৰকাৰে।

আজি বঙাইগাঁৱৰ তুলুঙিয়াস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ শুভাৰম্ভ কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।

সভাৰ অন্তত শিক্ষা মন্ত্ৰী গৰাকীয়ে এইবাৰ অনুষ্ঠিত টেট পৰীক্ষা সম্পূৰ্ণ নিকাভাৱে অনুষ্ঠিত হয় বুলি জনোৱাৰ লগতে এইবাৰ বঙাইগাঁৱত অনুষ্ঠিত হ’ব লগা কেবিনেটত বঙাইগাঁও বাসীয়ে  ভাল খবৰ পাব বুলিও জনায়।

নলাৰ ওপৰত শিশুৱে ফুটালে ফটকা, ঘটিল ভয়ংকৰ ঘটনা…

Leave a Comment