নিউজ ডেস্ক। এক ভয়ংকৰ পথ দুৰ্ঘটনা।
পথৰ পৰা ৪੦੦ ফুট তলত খাৱৈত পৰিল ডাষ্টাৰ বাহন।
এই দুৰ্ঘটনাত প্ৰাণ গ’ল ছিক্কিমৰ গড়কাপ্তানি, সাংস্কৃতিক বিভাগৰ মন্ত্ৰী চামডুপ লেপচাৰ পুত্ৰ চিৱান চেপচাৰ।
এই দুৰ্ঘটনাত মূৰত গুৰতৰ আঘাত পােৱা চিৱান চেপচাক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
জানিব পৰা মতে, উত্তৰ ছিকিমৰ চুংথাঙৰত এই দুৰ্ঘটনা সংঘটিত হয়।
দুৰ্ঘটনাত পতিত বাহনৰ নম্বৰ এছকে-03-পি-1031।
ঘটনাৰ খবৰ লাভ কৰি, আৰক্ষী, ভাৰতীয় সেনা আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লােকে উদ্ধাৰ অভিযান চলায়।