শােকাৱহ! পথ দুৰ্ঘটনাত নিহত স্কুটী আৰােহী ২ ছাত্ৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

একাধিক বাহনৰ সৈতে সংঘৰ্ষৰ পাছত কৰুণ মৃত্যু স্কুটী আৰােহী দুজন ছাত্ৰৰ।

এই দুৰ্ঘটনা সংঘটিত হৈছে তেজপুৰৰ হলেশ্বৰত।

জানিব পৰা মতে, তেজপুৰ হলেশ্বৰত নিশা প্ৰায় ১০ বজাত বালিপাৰা দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা এএছ ১২পি ৬৬৬৭ নম্বৰৰ স্কুটীখনে এখন বাহনত খুন্দা মাৰি আকৌ এখন আই১০ বাহনত খুন্দা মাৰে।

লগে লগে পিছফালৰ পৰা আহি থকা ইউপি ৭০ বি টি-৯৩২৬ নম্বৰৰ ট্ৰাকখনৰ তলত সোমাই গৈ থিতাতে ছাত্ৰ দুজনৰ মৃত্যু হয়।

নিহত ছাত্ৰ দুজনৰ এজন হোজাপাৰা কুমাৰ গাঁৱৰ ২৬ বছৰীয়া ৰাহুল ডেকা আৰু আনজন ছাত্ৰ পূব হোজাপাৰাৰ ২২ বছৰীয়া কৃষ্ণাংগ বৰুৱা বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ দুই ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

Leave a Comment