লাভলীনা বৰগোঁহাই আৰু হিমা দাসৰ প্ৰশিক্ষকলৈ ২০২১ বৰ্ষৰ দ্ৰোণাচাৰ্য্য বঁটা…

আজি দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মেজৰ ধ্যানচান্দ খেলৰত্না বঁটা, অৰ্জুন বঁটাৰ লগতে দ্ৰোণাচাৰ্য্য পুৰস্কাৰ আগবঢ়ায়।

দেশৰ বহুকেইগৰাকী আগশাৰীৰ প্ৰশিক্ষকলৈ ২০২১ বৰ্ষৰ দ্ৰোণাচাৰ্য্য পুৰস্কাৰ আগবঢ়োৱা হয়।

লাভলীনা বৰগোঁহাই আৰু হিমা দাসৰ প্ৰশিক্ষকলৈও আগবঢ়োৱা হয় ২০২১ বৰ্ষৰ দ্ৰোণাচাৰ্য্য বঁটা।

অলিম্পিকৰ বিজয়ী লাভলীনা বৰগোঁহাইৰ প্ৰশিক্ষক সুচী সন্ধ্যা গুৰুঙলৈয়ো আগবঢ়োৱা হয় দ্ৰোণাচাৰ্য্য বঁটা।

সুচী সন্ধ্যা গুৰুঙে লাভলীনা বৰগোঁহাই, যমুনা বড়ো আদিৰ দৰে তাৰকা বক্সাৰক প্ৰশিক্ষণ প্ৰদান কৰিছে।

আনহাতে ধিং এক্সপ্ৰেছ হিমা দাসৰ প্ৰশিক্ষক ৰাধা কৃষ্ণ আয়াৰলৈয়ো ২০২১ বৰ্ষৰ দ্ৰোণাচাৰ্য্য বঁটা আগবঢ়োৱা হয়।

Leave a Comment