লাভলীনাৰ বিস্ফোৰক টুইটৰ পিছতে কমনৱেলথ গেমছ ২০২২ৰ বাবে স্বীকৃতি লাভ প্ৰশিক্ষক সন্ধ্যা গুৰুঙৰ

নিউজ ডেস্কঃ কমনৱেলথ গেমছলৈ মাত্ৰ কেইটামান দিন বাকী থকা সময়তে প্ৰশিক্ষণৰ নামত হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি টুইটাৰ যোগে ক্ষোভ ব্যক্ত কৰিছিল অলিম্পিক পদকজয়ী অসম কন্যা লাভলীনা বৰগোঁহাইয়ে।

প্ৰতিযোগিতালৈ মাত্ৰ ৮ দিন থকা সময়ত প্ৰশিক্ষকৰ অভাৱত প্ৰশিক্ষণ স্থগিত হৈ পৰা বুলিও অভিযোগ কৰিছিল লাভলীনাই।

লাভলীনাৰ এই অভিযোগৰ পিছতে তৎপৰ হৈ পৰিছে ভাৰতীয় বক্সিং ফেডাৰেশ্যন। যাৰ বাবে অৱশেষত লাভলীনাৰ প্ৰশিক্ষক সন্ধ্যা গুৰুঙক বাৰ্মিংহামত অনুষ্ঠিত হ’বলগীয়া কমনৱেলথ গেমছ, ২০২২ৰ বাবে স্বীকৃতি প্ৰদান কৰা হৈছে।

photo1658826837
লাভলীনাৰ বিস্ফোৰক টুইটৰ পিছতে কমনৱেলথ গেমছ ২০২২ৰ বাবে স্বীকৃতি লাভ প্ৰশিক্ষক সন্ধ্যা গুৰুঙৰ 8

সোমবাৰে অসম কন্যা লাভলীনাই টুইটযোগে উত্থাপন কৰা বিস্ফোৰক অভিযোগৰ পিছতে ভাৰতীয় বক্সিং ফেডাৰেচনে এক বিবৃতি প্ৰকাশ কৰি কয় যে আইঅ’এই বিএফআইৰ দৃষ্টিভংগী বুজি পাইছে আৰু সৰ্বাধিক সম্ভাৱ্য অতিৰিক্ত সহায়ক কৰ্মচাৰীৰ সৈতে সহায় আগবঢ়াইছে।

photo1658826863
লাভলীনাৰ বিস্ফোৰক টুইটৰ পিছতে কমনৱেলথ গেমছ ২০২২ৰ বাবে স্বীকৃতি লাভ প্ৰশিক্ষক সন্ধ্যা গুৰুঙৰ 9

ইফালে মঙলবাৰে লাভলীনা বৰগোহাঁইৰ প্ৰশিক্ষক সন্ধ্যা গুৰুঙেও নিশ্চিত কৰে যে তেওঁ কমনৱেলথ গেমছৰ বাবে স্বীকৃতি লাভ কৰিছে। তেওঁ কয়, “মই কমনৱেলথ গেমছ, ২০২২ৰ বাবে স্বীকৃতি লাভ কৰিছো।”

ইয়াৰ পূৰ্বে সোমবাৰে সংবাদ মাধ্যমৰ সন্মুখত গুৰুঙে স্বীকৃতি নোপোৱাৰ বিষয়ে অৱগত কৰিছিল।

তেওঁ কৈছিল, “আমি এই সকলোবোৰৰ প্ৰতি গুৰুত্ব নিদিওঁ। আমাৰ সমগ্ৰ মনোযোগ খেলুৱৈসকলৰ প্ৰশিক্ষণৰ ওপৰত ৰৈ যায় যাতে তেওঁলোকৰ প্ৰদৰ্শন ভাল হয় আৰু তেওঁলোকে ভালদৰে প্ৰশিক্ষণ গ্ৰহণ কৰে।’

photo1658826877
লাভলীনাৰ বিস্ফোৰক টুইটৰ পিছতে কমনৱেলথ গেমছ ২০২২ৰ বাবে স্বীকৃতি লাভ প্ৰশিক্ষক সন্ধ্যা গুৰুঙৰ 10

প্ৰশিক্ষকগৰাকীয়ে পুনৰ কয়, ”খেলুৱৈসকলে ইভেণ্টৰ পূৰ্বে যাৰ সৈতে প্ৰশিক্ষণ লৈছে তেওঁলোকৰ সৈতেই প্ৰশিক্ষণ ল’ব বিচাৰে। আমি যিহেতু কমনৱেলথৰ বাবে আহিছো, গতিকে ভাল অভ্যাস চলি আছে। মাত্ৰ এটা সমস্যা আছে যিটো হ’ল স্বীকৃতি কাৰ্ড। ইয়াৰ বাবে মই ভিতৰলৈ যাব পৰা নাই। আমি অতি সোনকালে স্বীকৃতি কাৰ্ড লাভ কৰিবলৈ চেষ্টা কৰিছো।”

প্ৰণিধানযোগ্য যে, সোমবাৰে লাভলীনাই এক টুইটযোগে নিজৰ মানসিক হতাশাৰ বিষয়ে উল্লেখ কৰাৰ পিছতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

কমনৱেলথ গেমছৰ ঠিক আগমুহূৰ্তত অলিম্পিক পদক বিজয়ী গৰাকীক প্ৰশিক্ষণৰ নামত মানসিক নিৰ্যাতন চলোৱা ঘটনাক লৈ বিভিন্ন জনে বিভিন্ন ধৰণে মত ব্যক্ত কৰে।

photo1658826892
লাভলীনাৰ বিস্ফোৰক টুইটৰ পিছতে কমনৱেলথ গেমছ ২০২২ৰ বাবে স্বীকৃতি লাভ প্ৰশিক্ষক সন্ধ্যা গুৰুঙৰ 11

লাভলীনাই তেওঁৰ টুইটত লিখে, ‘অতি দুখৰ সৈতে মই জনাইছো যে মোৰ প্ৰশিক্ষকসকলক অপসাৰণ কৰাৰ বাবে মই অহৰহ হাৰাশাস্তিৰ সন্মুখীন হৈছো। মোৰ দেশৰ বাবে অলিম্পিকৰ পদক লাভ কৰাত সহায় কৰা মোৰ প্ৰশিক্ষকসকলক অহৰহ আঁতৰাই পেলোৱাটোৱে প্ৰতিযোগিতাখনৰ বাবে মোৰ প্ৰশিক্ষণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাইছে।’

photo1658826947
লাভলীনাৰ বিস্ফোৰক টুইটৰ পিছতে কমনৱেলথ গেমছ ২০২২ৰ বাবে স্বীকৃতি লাভ প্ৰশিক্ষক সন্ধ্যা গুৰুঙৰ 12

লাভনীলাই পুনৰ লিখে, “তাৰ ভিতৰত এজন হৈছে দ্ৰোণাচাৰ্য বঁটা বিজয়ী সন্ধ্যা গুৰুংজী। মোৰ দুয়োজন প্ৰশিক্ষকক শেষ মুহূৰ্তত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত অগণন বাৰ অনুৰোধ কৰিবলগীয়া হৈছিল, আনকি প্ৰশিক্ষণ শিবিৰতো। এই মুহূৰ্তত মোৰ প্ৰশিক্ষক সন্ধ্যা গুৰুং আনকি কমনৱেলথ গেমছ ভিলেজতো নাই কাৰণ তাই এতিয়াও প্ৰৱেশ লাভ কৰা নাই। যাৰ ফলত খেললৈ মাত্ৰ ৮ দিন বাকী থকা অৱস্থাত মোৰ প্ৰশিক্ষণ প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিছে। মোৰ দ্বিতীয় প্ৰশিক্ষককো ভাৰতলৈ ঘূৰাই পঠিওৱা হৈছে।’

photo1658826915
লাভলীনাৰ বিস্ফোৰক টুইটৰ পিছতে কমনৱেলথ গেমছ ২০২২ৰ বাবে স্বীকৃতি লাভ প্ৰশিক্ষক সন্ধ্যা গুৰুঙৰ 13

অলিম্পিক বিজয়ী বক্সাৰগৰাকীয়ে আগলৈ লিখে, “ইমানখিনি অনুৰোধ কৰাৰ পিছতো এনেকুৱা হৈয়েই আছে আৰু ইয়াৰ ফলত মোৰ মানসিক হাৰাশাস্তি হৈছে। এইটো যদি স্থায়ী হৈ থাকে তেন্তে মই মোৰ খেলত কেনেকৈ মনোনিৱেশ কৰিম সেয়া মই বুজি নাপাওঁ৷ এই কাৰণেই বিশ্ব চেম্পিয়নশ্বিপত মোৰ প্ৰদৰ্শন ঠিক নাছিল। আৰু মই নিবিচাৰো যে এই ৰাজনীতিয়ে মোৰ কমনৱেলথ গেমছৰ সম্ভাৱনা নষ্ট কৰক। আশাকৰোঁ মই এই ৰাজনীতিৰ গণ্ডীৰ পৰা মুক্ত হৈ মোৰ দেশৰ বাবে পদক আজুৰিব পাৰিম।’

লগতে চাওকঃ

এইখন অসমৰে ঘটনা! ফেচবুক প্ৰেমিকাৰ সৈতে ঠিক হৈছিল জিতুলৰ বিয়াৰ দিন, বিয়াৰ এসপ্তাহ পূৰ্বে ভাৱী পত্নীয়ে সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড…

p5 2
লাভলীনাৰ বিস্ফোৰক টুইটৰ পিছতে কমনৱেলথ গেমছ ২০২২ৰ বাবে স্বীকৃতি লাভ প্ৰশিক্ষক সন্ধ্যা গুৰুঙৰ 14

1 thought on “লাভলীনাৰ বিস্ফোৰক টুইটৰ পিছতে কমনৱেলথ গেমছ ২০২২ৰ বাবে স্বীকৃতি লাভ প্ৰশিক্ষক সন্ধ্যা গুৰুঙৰ”

Comments are closed.