লাভলীনালৈ ১ কোটি টকাৰ পুৰস্কাৰসহ অসম আৰক্ষীৰ DSP পদ, প্ৰতিমাহে পাব ১লাখ টকাৰ জলপানি…

বিশ্ববাসীৰ সন্মুখত অসমৰ নাম উজলাই আজি এদিনীয়া কাৰ্যসূচীৰে মাতৃভূমিত উপস্থিত হয় লাভলীনা।

লাভলীনাক সম্বৰ্ধনা জনাবলৈ গুৱাহাটীস্থিত কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অনুষ্ঠিত কৰা হয় বৃহৎ সভা।

সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ ডি এছ পি চাকৰিত যোগদান কৰিবলৈ নিমন্ত্ৰণ কৰিলে লাভলীনা বৰগোহাঁইক।

এই অনুষ্ঠানতে লাভলীনালৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হয় ১ কোটি টকাৰ চেক।

লগতে পেৰিছ অলিম্পিকলৈ প্ৰস্তুতি চলাবলৈ প্ৰতিমাহে লাভলীনালৈ চৰকাৰে আগবঢ়াব ১ লাখ টকৰা বিশেষ জলপানি।

lovlina 2

ইয়াৰোপৰি গুৱাহাটী মহানগৰীত লাভলীনাৰ নামেৰে নামাকৰণ কৰা হ’ব এটা পথ।

লাভলীনাৰ চাৰিগৰাকী প্ৰশিক্ষকলৈয়ো অসম চৰকাৰে আগবঢ়ালে ১০ লাখকৈ টকা।

আনহাতে সৰুপথাৰত ২৫ কোটি টকাৰে নিৰ্মাণ হ’ব ক্ৰীড়া প্ৰকল্প।

ষ্টেডিয়াম ক’ত হ’ব লাভলীনাৰ পিতৃ আৰু স্থানীয় বিধায়কে সিদ্ধান্ত ল’ব।

Leave a Comment