অসমঅসমীয়া

লক্ষ্যস্থান দিল্লী! যাত্ৰাপথত ৫ বাৰ্মিজ নাগৰিকক আটক অসম আৰক্ষীৰ

নিউজ ডেস্ক। ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰত অব্যাহত থকা অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে দেশখনৰ পৰা ভাৰতলৈ সােঁত বৈছে বাৰ্মিজ নাগৰিকৰ।

শ শ বাৰ্মিজ নাগৰিকে মিজােৰামত আশ্ৰয় লােৱাৰ বিপৰতে বহু লােকে অবৈধভাৱে ভাৰতৰ অন্য প্ৰান্তলৈ যাত্ৰা কৰিছে।

গুৱাহাটী হৈ দিল্লীলৈ যোৱাৰ পৰিকল্পনা কৰা ছগৰাকী ম্যানমাৰৰ নাগৰিকক অসম আৰক্ষীয়ে কাছাৰ জিলাৰ লায়লাপুৰত আটক কৰে। ইয়াৰে এগৰাকী যুৱতী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, ম্যানমাৰৰ নাগৰিককেইজনে এখন ছুম’ গাড়ীৰে কাছাৰলৈ আহি আছিল।

লায়লাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ছামান আলী মজুমদাৰৰ নেতৃত্বত থকা এটা দলে চলোৱা নিয়মীয়া তালাচীত বিদেশী নাগৰিককেইজনক আটক কৰা হয়।

আৰক্ষীয়ে তেওঁলোকৰ পৰা ম্যানমাৰৰ কিছু মুদ্ৰাৰ লগতে কিছু নথি-পত্ৰৰ উপৰিও চল্লিশ হাজাৰ ভাৰতীয় টকা উদ্ধাৰ কৰে।

আটকাধীন এই লোককেইজন হ’ল পাওঁ হাওমিলান মাং (২৩), চিন আইহ’ মাং (২৩), থাং খাওম পাউ (২১), খেন খান খাম (১৯), পাউ বিয়াক মুয়ুাং (১৯) আৰু দিম দেহলুনি (১৯)।

দিম দেহলুনিৰ পৰা আৰক্ষীয়ে এখন ভাৰতীয় আধাৰ কাৰ্ডো জব্দ কৰে।

প্ৰথমতে তেওঁলোকে আৰক্ষীৰ আগত মিজোৰামৰ চাম্পাইৰ জোখাওথাৰ বাসিন্দা বুলি দাবী কৰিছিল।

কিন্তু আটাইকেইজনে মিজো ভাষা ক’ব নোৱাৰাত আৰক্ষীয়ে তেওঁলোকক ম্যানমাৰৰ নাগৰিক বুলি সন্দেহ কৰি আটক কৰে আৰু পিচত ধলাই থানালৈ লৈ যায়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button