ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সংবাদমেল।
সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী গৰাকীৰ।
মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এতিয়াৰে পৰা এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈছে অসম।
সংবাদমেলত তেওঁ কয়- ‘অসমৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত ৩৩,৯৭৮খন সুলভ মূল্যৰ দোকান আছে, য’ত অসমত এই পৰ্যন্ত ৫,৮৯,০৯২৭ টা পৰিয়ালে ৰেচন কাৰ্ডৰ জৰিয়তে নিজৰ নামত অহা খাদ্যসামগ্ৰী ক্ৰয় কৰি আছে। ইয়াৰ মাজতে অৱশ্যে বিগত তিনি মাহত ৰাজ্য চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ১ লাখ ২৬ হাজাৰ ১২৩ গৰাকী লোকে নিজৰ ৰেচন কাৰ্ড ওভতাই দিছে চৰকাৰক।’
এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডৰ জৰিয়তে যোগ্য হিতাধিকাৰীয়ে bio metric পদ্ধতিৰ জৰিয়তে দেশৰ যিকোনো স্থানত খাদ্যসামগ্ৰী ক্ৰয় কৰিব পাৰিব বুলি সদৰি কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
সুলভ মূল্যৰ দোকানত এতিয়াৰে পৰা থাকিব একোটাকৈ ইলেক্ট্ৰনিক পইন্ট অফ চেল ডিভাইচ মেচিন।
ইলেক্ট্ৰনিক পইন্ট অফ চেল ডিভাইচ মেচিনত প্ৰতিটো পৰিয়ালৰ প্ৰতিজন সদস্যই এদিন নিজে গৈ দিব লাগিব bio metric।
ইফালে প্ৰত্যেকখন ৰেচন কাৰ্ডৰ সৈতে হিতাধিকাৰীয়ে আধাৰ কাৰ্ডো সংযোগ কৰিব লাগিব বুলি সংবাদমেলত সদৰি কৰে।
এই পৰ্যন্ত অসমত২৮ শতাংশ লোকেহে আধাৰ কাৰ্ড বনাইছে বুলিও সংবাদমেলত জানিব দিয়ে মন্ত্ৰীগৰাকীয়ে।
লগতে তেওঁ কয়- ভুৱা ৰেচন কাৰ্ডৰ গৰাকীৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা ল’বলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ।









