যিদিনা গছত গৰু উঠিব সেইদিনাহে মই বিজেপিত যোগদান কৰিমঃ ৰকিবুল হুছেইন…

ৰাজ্যত ইজনৰ পিছত সিজন কংগ্ৰেছ বিধায়ক আহিছে বিজেপিলৈ।

শেহতীয়াভাৱে ৰাজ্যত অনুষ্ঠিত হৈ গ’ল উপ নিৰ্বাচন।

উপ নিৰ্বাচনৰ পাছতে পুনৰ একাংশ কংগ্ৰেছ বিধায়ক বিজেপিলৈ আহিব বুলি চৰ্চা চলিছে।

চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনেও বিজেপিত যোগদান কৰিব ৰাজ্যৰ ৰাজনীতিত চৰ্চা চলা দেখিবলৈ পোৱা গৈছে।

এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক ৰকিবুল হুছেইনে।

তেওঁ কয়- ‘যিদিনা গছত গৰু উঠিব সেইদিনাহে মই বিজেপিত যোগদান কৰিম।’

ইয়াৰ জৰিয়তে ৰকিবুল হুছেইনে বিজেপিত যোগদান নকৰাৰ স্পষ্ট ইংগিত দিয়ে।

ৰকিবুল হুছেইনে কয়, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়েও এসময়ত কংগ্ৰেছ ত্যাগ কৰি পুনৰ ঘূৰি আহিছিল কংগ্ৰেছলৈ। 

কংগ্ৰেছৰ ২৭ বিধায়কৰ পৰা ৬৩ কৰিবলৈ কংগ্ৰেছৰ বেছি সময় নালাগিব বুলিও মন্তব্য কৰে ৰকিবুল হুছেইনে।

চামগুৰিৰ মাগুৰমাৰিত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়ক ৰকিবুল হুছেইনে।

Leave a Comment