নিউজ ডেস্ক। পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তৰ নৃশংসতাৰ বলি হ’ল অসমৰ শ্ৰমিকৰ পৰিয়াল।
এইবাৰ অৰুণাচল প্ৰদেশত অসমৰ দম্পতীক হত্যা দুৰ্বৃত্তৰ।
নিশা শােৱাপাটীতে অৰুণাচল প্ৰদেশৰ টুটিঙত অসমৰ দম্পতীক হত্যা কৰে দুৰ্বৃত্তই।

জানিব পৰা মতে, চিৰাং জিলাৰ পানবাৰীৰ নিজ-দামুগাওঁৰ শ্ৰমিক ফাৰুক আলি আৰু তেওঁৰ অন্তঃসত্বা পত্নী নুৰেজা খাতুন অৰুণাচল প্ৰদেশৰ টুকিঙত হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই।
মিস্ত্ৰীৰ কামত নিয়োজিত হৈ আছিল দম্পতী।
৪ ছেপ্টেম্বৰৰ মাজনিশা সংঘটিত হয় এই নৃশংস হত্যাকাণ্ড।
আত্মীয়ই প্ৰকাশ কৰা অনুসৰি, মৃত্যুৰ পূৰ্বে দম্পতীয়ে পৰিয়ালৰ লােকক ফােন কৰি কােনাে দুৰ্বৃত্ত নিশা তেওঁলােকৰ ঘৰত প্ৰৱেশ কৰা বুলি অৱগত কৰিছিল।
ইপিনে, নিহত দম্পতীৰ আত্মীয়ই এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ অসমৰ লগতে অৰুণাচল প্ৰদেশ চৰকাৰৰ দাবী জনাইছে।
লগতে মৃতদেহ দুটা স্বগৃহলৈ প্ৰেৰণ কৰিবলৈ সহায়ৰ বাবে কাতৰ অনুৰােধ জনাইছে।
লগতে চাওকঃ
শোকাবহ! জোৰ কৰি বিয়া পাতি দিয়াৰ বাবেই বিয়াৰ পিছদিনাই ধনঞ্জয়ে ল’লে এই কঠিন সিদ্ধান্ত…






2 thoughts on “মৰ্মান্তিক! প্ৰতিবেশী ৰাজ্যত অসমৰ অন্তঃসত্বা মহিলা আৰু স্বামীক নৃশংস হত্যা দুৰ্বৃত্তৰ”
Comments are closed.