মৰমৰ দেহমনৰ নিথৰ দেহ প্ৰত্যক্ষ কৰি ভাগি পৰিল আত্মীয়, কান্দি কান্দি জনালে শেষ বিদায়…

বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীলৈ আপোন ঘৰখনলৈ অনা হ’ল পৰিমিতা দাসৰ নিথৰ দেহ।

মাত্ৰ ৭ বছৰ বয়সতে পুত্ৰ সন্তানক হেৰুওৱা মনুৰাম দাস আৰু সীমা দাসে দেহমন আৰু বুমনক লৈয়ে সপোন দেখিছিল।

সৰুৰে পৰা সকলো দিশতে আগবঢ়া দেহমন অৰ্থাৎ পৰিমিতা দাসে পিতৃ-মাতৃক কেতিয়াও ককায়েকৰ অভাৱ উপলব্ধি কৰিবলৈ দিয়া নাছিল।

একেদৰে মোমায়েকৰ পৰিয়ালৰো বৰ মৰমৰ আছিল দেহমন আৰু সৰু ভনীয়েক বুমন।

কিন্তু অভিশপ্ত ৮ ছেপ্টেম্বৰত আহিল সেই দুঃসংবাদটো।

ককায়েকৰ দৰে পিতৃ-মাতৃক এৰি মাজুলীৰ ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দেহমনে।

বৃহস্পতিবাৰে তেওঁৰ মৃতদেহ যোৰহাটত মৰনোত্তৰ পৰীক্ষাৰ অন্তত নগাওঁ হৈ গুৱাহাটীলৈ অনা হয়।

যাত্ৰা পথত পোনতে পুৰণিগুদামৰ মামাকৰ ঘৰ আৰু বেবেজীয়াৰ পুৰণিঘৰলৈ নিয়াৰ পিচত পিতৃৰ চাকৰিসূত্ৰে কাহিলীপাৰাত স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱা ঘৰলৈ অনা হয়।

মৰমৰ দেহমনৰ নিথৰ দেহ প্ৰত্যক্ষ কৰাৰ লগে লগে শোকত ভাগি পৰে মোমায়েকৰ ঘৰৰ লগতে বৰপানীগাঁৱৰ ৰাইজ।

কাহিলীপাৰাৰ ঘৰত অজস্ৰজনৰ শেষশ্ৰদ্ধা পৰিমিতাক।

ইয়াৰ পিছতে সন্ধিয়া গুহাৱাহাটীৰ নৱগ্ৰহ স্মশানত শেষকৃত্য সম্পন্ন কৰা হয় দেহমনৰ।

WhatsApp Image 2021 09 09 at 8.12.18 PM 11zon

শেষকৃত্যৰ অনুষ্ঠানত অসম জাতীয় বিদ্যালয়ৰ শিক্ষকসকলৰ লগতে বিদ্যালয়খনত অধ্যয়ন কৰি থকা পৰিমিতাৰ ভগ্নি, আছু, যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তিকে ধৰি বিভিন্ন সংগঠনৰ শোকাহত অসংখ্যলোকে ভাগ লয়।

শোকাকুল আত্মীয় অসংখ্য লোক আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰাও অন্তুেষ্টিক্ৰিয়াস্থলীত মেধাৱী প্ৰবক্তাগৰাকীৰ প্ৰতি অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

image 3
মৰমৰ দেহমনৰ নিথৰ দেহ প্ৰত্যক্ষ কৰি ভাগি পৰিল আত্মীয়, কান্দি কান্দি জনালে শেষ বিদায়... 3

Leave a Comment