মেঘালয় আৰক্ষীৰ জালত অসমৰ ডকাইত, বাহনসহ জব্দ ২੦ লাখ টকা

নিউজ ডেস্ক। আৰক্ষীৰ জালত ৬ জনীয়া ডকাইতৰ দল।

জানিব পৰা মতে, অসমৰ গােৱালপাৰা জিলাৰ সীমান্তৱৰ্তী দক্ষিণ গাৰো পাহাৰৰ পৰা কিছুমান অজ্ঞাত দুৰ্বৃত্তই বগা ৰঙৰ অল্টো বাহন ব্যৱহাৰ কৰি দক্ষিণ গাৰো পাহাৰৰ পাণ্ডা ৰিজাৰ্ভত এখন ট্ৰাকৰ পৰা ২০ লাখ টকা কাঢ়ি নিয়ে।

এই তথ্য পোৱাৰ পিছতেই আৰক্ষীৰ জালত পৰে দলটো।

পূব গাৰো পাহাৰ আৰক্ষী নিয়ন্ত্ৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সকলো আৰক্ষী থানাক এই সন্দৰ্ভত সতৰ্ক কৰি দিয়ে।

photo-2021-10-15-20-26-38

খবৰ অনুসৰি, ডবুৰ ৰংমিলৰ ভাৰপ্ৰাপ্ত বিষয়া নেংক্ৰাক বাহন পৰীক্ষা কৰিবলৈ আৰু কঠোৰ কৰ্তব্য পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

নিশা প্ৰায় ১০:৪৫ বজাত ৰংমিলৰ ভাৰপ্ৰাপ্ত বিষয়াই সন্দেহজনক এখন বাহন জব্দ কৰিছিল। এএছ ০১ কেচি ০৯৪৯ পঞ্জীয়ন নম্বৰৰ বাহনখন আৰক্ষীয়ে জব্দ কৰে।

photo-2021-10-15-20-26-39

বাহনখনৰ আৰোহীসকলক গোৱালপাৰা জিলাৰ দুধনৈৰ পাটপাৰাৰ চাপ্দুল আলী, মাটিয়াৰ গোহাইপুৰীৰ ওকু আলী (২৪), মাটিয়াৰ সিধাবাৰীৰ আমিৰ হুছেইন (২৩), উত্তৰ গাৰো হিলছৰ বলস্ৰাং কে চাংমা (২৫), উত্তৰ গাৰো হিলছৰ চিচিম আপালৰ ইৱান আৰ মাৰাক (২৫), উত্তৰ গাৰো হিলছৰ বুগাকোল দাইনাডুবিৰ চি চাইলেন জি মমিন (২০) বুলি চিনাক্ত কৰা হয়।

photo-2021-10-15-20-26-38-2

বাহনখন পৰীক্ষা কৰাৰ পিছত বাহনখনৰ পৰা নগদ ১৩ লাখ ২০ হাজাৰ পাঁচশ টকা আৰু ৬ টা মোবাইল হেণ্ডছেট উদ্ধাৰ কৰা হয়।

আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ বাবে সেই সমূহ আৰক্ষী থানাত ৰখা হৈছিল।

অধিক অনুসন্ধানৰ বাবে আটাইকেইজনক দক্ষিণ গাৰো পাহাৰৰ পৰা অহা দলক হস্তান্তৰ কৰা হয়।

লগতে চাওকঃ

আপােনাৰ সাপ্তাহিক ৰাশিফল

Leave a Comment