মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ গোচৰ ৰুজু…

ক্ৰমাৎ তীব্ৰতৰ হৈছে অসম-মিজোৰামৰ সংঘাত।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিজোৰাম আৰক্ষীৰ গোচৰ ৰুজু।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও IGPসহ কেইবাজনো আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ওপৰতো গোচৰ ৰুজু কৰিছে মিজোৰাম আৰক্ষীয়ে।

মুখ্যমন্ত্ৰীৰ লগতে চাৰি গৰাকী শীৰ্ষ অসম আৰক্ষীৰ বিষয়া, দুগৰাকী আমোলা আৰু ২০০ গৰাকী অসম আৰক্ষীৰ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল।

IGP অনুৰাগ আগৰৱাল, DIG দেৱজ্যোতি মুখাৰ্জী, কাছাৰ জিলাৰ DC কীৰ্তি জাল্লি, কাছাৰৰ SP বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ, ডি অফ ও সুন্দেও চৌধুৰী. ঢলাই থানাৰ ওচি চাহাব উদ্দিনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

অসম আৰক্ষীয়ে মিজোৰামৰ সাংসদসহ ৬ বিষয়াক চমন জাৰি কৰাৰ পাছতে এই প্ৰত্যাক্ৰমণ মিজোৰামৰ।

কোলাছিব অঞ্চলত ৰুজু কৰা হৈছে গোচৰ।

২৬ জুলাইৰ দুয়ো ৰাজ্যৰ সীমান্তত সংঘটিত হোৱা গুলিয়াগুলি ঘটনাটোক লৈ হত্যাৰ অপচেষ্টা আৰু অপৰাধমূলক ষড়যন্ত্ৰ ৰচনাৰ গোচৰ তৰা হৈছে মুখ্যমন্ত্ৰী আৰু শীৰ্ষ পৰ্যায়ৰ অসম আৰক্ষী বিষয়াৰ বিৰুদ্ধে।

Leave a Comment