মাদ্রাছা টেট উত্তীর্ণ প্ৰাৰ্থীয়ে নাপায় শিক্ষকৰ চাকৰিঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

মাদ্রাছা টেট উত্তীর্ণ প্ৰাৰ্থীয়ে নাপায় শিক্ষকৰ চাকৰি।

 বৃহস্পতিবাৰে বিধানসভাত এই কথা স্পষ্ট কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷

প্রশ্নোত্তৰকালত AIUDFৰ বিধায়ক আমিনুল ইছলামে উত্থাপন কৰা এক প্রশ্নৰ উত্তৰ প্রদান কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয়- যিহেতু মাদ্রাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰা হৈছে, সেয়েহে পূর্বৰ মাদ্রাছা টেট উত্তীর্ণ প্রার্থীসকল এই বিদ্যালয়ৰ শিক্ষক পদৰ বাবে যোগ্য নহ’ব৷’

উল্লেখ্য যে মাদ্রাছাৰ বাবে পূর্বে অনুষ্ঠিত হৈছিল বিশেষ টেট৷

সেই অনুসৰি মাদ্রাছা টেট উত্তীর্ণসকলক সাধাৰণ টেটৰ সৈতে চামিল কৰাৰ দাবী উত্থাপন হৈ আহিছে।

এই সন্দৰ্ভত শিক্ষামন্ত্রীয়ে কয় যে মাদ্রাছা টেট আৰু সাধাৰণ টেটৰ যথেষ্ট পার্থক্য আছে৷ সাধাৰণ টেট ১৫০ নম্বৰৰ হোৱাৰ বিপৰীতে মাদ্রাছা টেটত বহু বিষয় সন্নিৱিষ্ট নোহোৱাকৈ ১০০ নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হয়৷

গতিকে কোনো কাৰণতে মাদ্রাছা টেটক সাধাৰণ টেটৰ সৈতে ৰিজাব পৰা নাযায়৷ সেয়েহে মাদ্রাছা টেট উত্তীর্ণ সাধাৰণ বিষয়ৰ প্রার্থীসকলক শিক্ষকৰ চাকৰিত মকৰল কৰা নহ’ব৷

Leave a Comment