মাতৃৰ বুকুৰ পৰা কাঢ়ি নি ১৮ দিনীয়া শিশুক হত্যা, পুখুৰীত উদ্ধাৰ দেৱশিশুটিৰ মৃতেদহ

অৱশেষত উদ্ধাৰ হ’ল বঙাইগাঁৱৰ বিদ্যাপুৰত নিশা চুৰি হোৱা ১৮ দিনীয়া দেৱশিশুৰ মৃতদেহ।

নিজ ঘৰৰ পৰা নতিদূৰৈত থকা এটা পুখুৰীত উদ্ধাৰ হৈছে নৱজাতকটিৰ মৃতদেহ৷

পানীত ওপঙি ঠকা অৱস্থাত কণমাণি কেচুৱাটিৰ মৃতদেহ উদ্ধাৰ হয়।

নিশা মাতৃৰ কাষত শুই থকা অৱস্থাৰ পৰাই অন্তৰ্ধান হৈছিল ১৮দিনীয়া এটি নৱজাতকটি। 

বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নানকাৰগাঁৱৰ বিনয় সূত্ৰধাৰৰ ১৮ দিনীয়া নৱজাতকক কোনো অচিনাক্ত দুৰ্বৃত্তই বৃহস্পতিবাৰে নিশা বাৰ মান বজাত বিছনাৰ পৰাই চুৰি কৰি নিয়ে।

তাৰ পিছতেই সন্তানকটিক মাতৃয়ে কাষত নাপাই হুৱাদুৱা লাগে। 

এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছত আজি দুপৰীয়া পৰিয়ালটোৰ সমীপৰ পুখুৰী এটাৰ পৰা উদ্ধাৰ হয় মৃতদেহটো।

উল্লেখ্য যে নিশা সংঘটিত এই ঘটনাৰ পিছত ঘটনাস্থলীত জিলাখনৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছিল।

সোধা-পোচাৰ বাবে আৰক্ষীয়ে থানালৈ লৈ গৈছিল নৱজাতকৰ পিতৃ বিনয় সূত্ৰধৰক।

ইয়াৰ কিছু সময়ৰ পিছতে পৰিয়ালটোৰ ঘৰৰ পৰা নাতিদূৰত থকা সৰু পুখুৰী এটাত নৱজাতকটিৰ মৃতদেহটো উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।

ইফালে নিজৰ কণমাণি কেচুৱাটিৰ মৃতদেহ উদ্ধাৰৰ খবৰ পাই কান্দোনত ভাঙি পৰিছে পৰিয়ালটো৷ মাতৃ চেফালী সূত্ৰধৰৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Leave a Comment