মাতৃক পাৰত নমাই থৈ পুনৰ মাজুলীলৈ যাত্ৰা কৰিছিল অধ্যাপিকা পৰিমিতাই…

নিউজ ডেস্ক। নিমাতীঘাটৰ ভয়াৱহ নাও দুৰ্ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ শােকাকুল পৰিৱেশ।

‘মা কমলা’ আৰু ‘টিপকাই’ নামৰ নাও দুখনৰ মাজত হােৱা সংঘৰ্ষৰ বাবে কেবাজনাে লােকে অকালতে প্ৰাণ হেৰুওৱাৰ লগতে এতিয়াও সন্ধানহীন বহু লােক।

240953115-10223185923129281-6302269781004454764-n

এই শােকাৱহ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱালে মাজুলীৰ ৰঙাচাঁহি মহাবিদ্যালয়ৰ প্ৰৱক্তা পৰিমিতা দাসে।

240604695-2924477474470437-4679322808945775545-n

জানিব পৰা মতে, ৰঙাচাহী কলেজৰ প্ৰবক্তা পৰিমিতা দাসে ভগ্নীৰ APSC পৰীক্ষাৰ বাবে মাতৃৰ সৈতে আঠখেলিয়া নামঘৰত শৰাই দিবলৈ গৈছিল।

156674010-2792880387630147-647603631463088283-n

মাজুলীৰ পৰা মাতৃৰ সৈতে ওভতি কৰ্তব্যত যােগদানৰ বাবে অভিশপ্ত ফেৰীখনত পুনৰ যাত্ৰাৰম্ভ কৰিছিল।

মাতৃয়ে পৰিমিতাক বিদায় দিয়াৰ কেইটামান মুহূৰ্তৰ পাছতে সংঘটিত হৈছিল এই ভয়াৱহ দুৰ্ঘটনা।

241042421-2924477427803775-5675008968179666001-n

নিজ চকুৰে এই দুৰ্ঘটনা প্ৰত্যক্ষ কৰে পৰিমিতাই মাতৃ সীমা ৰাণী দাসে।

মাতৃৰ প্ৰকাশ কৰা অনুসৰি, এখন নাও পাৰঘাৰলৈ অহাৰ সময়তে পৰিমিতাই উঠা নাওখন এৰি দিয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ল।

জানিব পৰা মতে, নগাঁৱৰ পৰিমিতাই গুৱাহাটীৰ কীহিলীপাৰাত পৰিয়ালৰ সৈতে ভাড়াতীয়া হিচাপে আছিল। পৰিমিতাৰ পিতৃৰ নাম মনোৰাম দাস।

কটন মহাবিদ্যালয় ছাত্ৰী পৰিমিতাই অতি কষ্ট স্বীকাৰ কৰিয়েই সম্পূৰ্ণ মেধাৰ ভিত্তিত অধ্যাপকৰ চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিল।

কেইটামান মাহ পূৰ্বেই মহাবিদ্যালয়খনত চাকৰিত যােগদান কৰিছিল পৰিমিতাই।

পৰিমিতাৰ এনে অকাল মৃত্যুৱে মাজুলীৰ ৰঙাচাহী মহাবিদ্যালয়তাে গভীৰ শোকৰ ছাঁ পেলাইছে।

Capture

মহাবিদ্যালয় খনৰ অসমীয়া বিভাগৰ অধ্যাপিকা পৰিমিতা দাসৰ এনে অনাকাংক্ষিত শোকাবহ মৃত্যুত মৃয়মান সহকৰ্মী তথা ছাত্ৰ-ছাত্ৰী।

Leave a Comment