মাওবাদী নেতা টিংৰাজ ওৰাঙৰ আত্মসমৰ্পণ।
মঙলবাৰে উগ্ৰপন্থী সংগঠন CPI(Maoist) জ্যেষ্ঠ নেতা টিংৰাজ ওৰাঙে অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান, হীৰেন চন্দ্ৰ নাথৰ সন্মুখত আত্মসমৰ্পন কৰে।
উক্ত নেতাজন CPI(Maoist) সংগঠনৰ Assam State Organizing Committee (ASOC)ৰ আহ্ববায়ক আছিল আৰু CPI( Maoist)ৰ বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ আঞ্চলিক কমিটি, অসমৰ সাধাৰণ সম্পাদক আছিল।
দীৰ্ঘদিন ধৰি মাওবাদী সংগঠনৰে জড়িত হৈ আছিল ওৰাং৷
ডিব্ৰুগড়ৰ নাহৰনি জয়পুৰৰ টিংৰাজ ওৰাঙে অসমত মাওবাদীৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।
উল্লেখ্য যে, টিংৰাজ ওৰাং বামপন্থী সংগঠন SFI আৰু CPI(M)ত যোগদান কৰি ১৯৮৯চনৰ পৰা ১৯৯৯ চনলৈ সদসস্য হিচাপে কাম কৰি আছিল।









